পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৩১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০৯
লক্ষ্মী চৰিত্ৰ।

কপিল বৰণী বহুলোমী অলোমিকা।
কুনখা ৰোগিণী বেশ্যা নক্ষত্ৰ নামিকা॥
তোমাক কহিলো প্ৰভু সকলো কাহিনী।
ইসব লক্ষণে জানা নাৰী কুলক্ষণী॥
আৰু শুনা আমাৰ বসতি নাৰায়ণ।
সবোবৰে বিকসিত কমল কানন॥
আমলকী বৃক্ষে আৰু দিব্য পুষ্প বনে।
অলস ৰহিত সত্য পৰায়ণ জনে॥
শঙ্খ ৰত্ন শুক্ল বস্ত্ৰে আৰু গোময়ত।
নৃত্য গীত বাদ্য যথা হোৱে অবিৰত॥
মহা সতী পতিব্ৰতা নাৰী যিটো জনী।
ইসবত থাকোঁ সত্য কহিলোঁ কাহিনী॥
ভাঙ্গিলো তোমাত মোৰ কথা সমুদায়।
অপৰাধ ক্ষমি তযু পাৱে দিয়া ঠাই॥
তযু পদে সবে কথা কহিবো বিবৰি।
বিষ্ণু বোলে আৰু কিছু কহিয়ো সুন্দৰী॥
লক্ষ্মী নিগদতি প্ৰভু শুনা নাৰায়ণ।
আকাশৰ তাৰা যিটো কৰয় গণন॥
পৃথিবীৰ ধূলা যত পাৰে গণিবাক।
তেবেসে লক্ষ্মীৰ পদ পাৰে সেবিবাক॥
নাপিতৰ গৃহে গৈয়া ক্ষৌৰ কৰ্ম্ম কৰে ৷
আছোক মনুষ্য দেবতাৰো শ্ৰীহৰে॥
আৰু এক কথা শুনা কহোঁ জনাৰ্দ্দন।
যেহি দিনা যিবা বস্তু নিষিদ্ধ ভোজন॥
প্ৰতিপদে কুষ্মণ্ড ভোজন ধনক্ষয়।
দ্বিতীয়াত আলু কচু বৃহতি বাধয়॥
তৃতীয়াত পটোল ভোজনে চক্ষু শূল।
চতুৰ্থীত মূলা খাইলে ধনৰ নিৰ্ম্মূল।
পঞ্চমীত শ্ৰীফলে কলঙ্ক জানা হয়।
ষষ্ঠিত নিমখ খাইলে ব্যাধি লাগ লয়॥