সপ্তমীত তাল ফল খাইবে নুজুৱাই।
অষ্টমীত লাউ খাইলে নানা ৰোগে পাই॥
নৱমীত কলা খাইলে গমংসৰ নয়।
দশমীত কাকিৰূলে ব্যাধি যুক্ত হয়॥
একাদশীত অন্ন খাইলে স্বৰ্গক নযায়।
দ্বাদশীত শশা খাইলে ব্যাধি লাগ লয়॥
ত্ৰয়োদশী তিথিত বৰ্জ্জিত পুৰৈ শাক।
চতুৰ্দ্দশী দিনে মৰ নিষেধ খাইবাক॥
অমাবস্যা দিনে মৎস্য মাংস যিবা খায়।
মহাপাপ হোৱে সিটো নৰকে পৰয়॥
ইসব নিষিদ্ধ বস্তু খাই যিবা জন।
তাহাক তেজোহো মই জানা নাৰায়ণ॥
শুনা প্ৰভু তোমাত যিজনে ভক্তি কৰে।
বিনা দানে বিনা যজ্ঞে তুষ্ট আমি তাৰে॥
তোমাক পূজয় যিটো কৰিয়া সন্তোষ।
তাৰ একো কালে নধৰোহো গুণ দোষ॥
কহিলো তোমাত প্ৰভু ইটো কথা চয়।
আকে যিটো শ্ৰদ্ধা কৰি গাৱে বা শুনয়॥
তোমাৰ প্ৰসাদে তাৰ আয়ু শ্ৰী যশ।
নিতে নিত বাঢ়ি পাইবে পৰম সন্তোষ॥
পুত্ৰ পৌত্ৰ ধন ধান্য অখণ্ড সম্পদ।
লভিবে পৰম সুখ অন্তে মুক্তি পদ॥
শুনা নৰ নাৰী ইতো কথা মনোহৰ।
লক্ষ্মী হৰি সংবাদ পৰম গুহ্যতৰ॥
ইহাৰ শ্ৰৱণে মিলে ভুকুতি মুকুতি।
ৰামসৰস্বতী পদবন্ধে নিগদতি॥
লক্ষ্মীৰ চৰিত্ৰ কথা শুনা মন কৰি।
বাঢ়িবে সম্পদ সুখে দুৰ্গতি নিস্তৰি॥
ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ চাৰি জাতি।
আক শুনি ভণি পাইবে অচলা সম্পত্তি॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৩১৬
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩১০
অসমীয়া সাহিত্যৰ চানেকি।