ইতো সব সুলক্ষণা নাৰী অতিবেক।
কুলক্ষণা স্ত্ৰীৰ কথা শুনিয়ো প্ৰত্যেক॥
উচ্ছল কপাল যাৰ বিৰল দশন।
সেই নাৰী জনীক তেজোহোঁ সৰ্ব্বক্ষণ।
পিঙ্গল নয়ন যাৰ পিঙ্গটা যে কেশ।
পাৱে পাৱে ঘসে যিটো কুলক্ষণ বেশ॥
সেই নাৰী জনী অতি বৰ কুলক্ষণী।
সত্যে সত্যে কহোঁ মই স্বৰূপ কাহিনী॥
স্বামীৰ বচন যাৰ নলৱয় মনে।
সেই নাৰী কুলক্ষণী তেজোঁ অনুক্ষণে॥
কৰ্ণৰ বাহিৰে যাৰ দুই গোটা বন্ধ।
সেই নাৰী হোৱে জানা অৱশ্যই মন্দ॥
গণ্ডস্থলে ফুলা যাৰ উৰ্দ্ধ দুই স্তন।
সেই নাৰী কুলক্ষণী জানা নাৰায়ণ॥
সেই নাৰী পাপ মতি জানা নিতেনিত।
স্বমী সমন্বিত যাৰ শান্ত নুহি চিত্ত॥
বস্ত্ৰ অলঙ্কাৰে সবে বিভুষিত হুয়া।
স্বামীক নিন্দয় পৰ পুৰুষক পায়া॥
স্বামীক ত্যজিয়া পৰ পুৰুষক মন।
তাইৰ পাশে নেযাওঁ মই দেখি কুলক্ষণ।
স্বামী বাক্য অন্যথা কৰয় যিবা নাৰী॥
তাইক তেজো জানা মই প্ৰভু চক্ৰধাৰী৷
হাষ্ঠিতে চৰণ যাৰ চটচটি ফুটে।
সেই স্ত্ৰীৰ পৰশে স্বামীৰ আয়ু টুটে॥
পাৱে জল দিলে যাৰ চৰণ শুখাই।
অৱশ্যে বিধবা হয় দৈবে বাধা নাই॥
তলুৱাৰ তলে যাৰ হোৱে কাল ৰেখা।
সেই কুলক্ষণী মোক নাপাৱয় দেখা॥
খৰমীয়া ভৰি যাৰ কুটুকুৰা কেশ।
ধোৰোহা কঙ্কাল কেঁৰা নয়ন কুবেশ॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৩১৪
অৱয়ব
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩০৮
অসমীয়া সাহিত্যৰ চানেকি