সমললৈ যাওক

পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/২৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৭৪
অসমীয়া সাহিত্যৰ চানেকি।

গোপীৰ ভাগ্যৰ কথা থাকোক বৰ্ণাইবো কত
 মোৰ হেন প্ৰাৰ্থনা মনত।
আসাম্বাৰ পদ বেণু যিটো তৃণ বনে পড়ে
 ইটো বৃন্দাবনৰ মাজত॥
তাৰ এক গাছি তৃণ হৈয়া থাকো তেবে মোৰ
 মিলে মহা ভাগ্য বিপৰীত।
ইটো গোপী সকলৰ পৰম পবিত্ৰতৰ।
 চৰণ ৰেণুক পাইবো নিত॥
গৃহৰ দুস্ত্যজ আশা কুলাচাৰ ধৰ্ম্মত্যজি
 ভজিলন্ত কৃষ্ণৰ চৰণে।
দুৰ্ল্লভ জানিয়া মনে বিচাৰিয়া সৰ্ব্বক্ষণে
 ফুৰন্ত সমস্ত দেৱগণে॥
উত্তম ক্ষত্ৰিয় জাতি উদ্ধৱে প্ৰাৰ্থিলা অতি
 যিটো স্ত্ৰীৰ চৰণৰ ধূলি।
এতেকে কৃষক যত  পাইবাৰ উপায় যদি
 দোষ সিও গুণেসে সমূলি॥
শুনিয়োক সভাসদ ভক্তি ৰত্নাৱলী পদ।
 ভকতৰ ইসে মহাধন।
জানিবা সমস্তে তত্ত্ব  গুচিবে সংশয় যত
 পৰম নিৰ্ম্মল হৈবে মন॥
ভকতিত পৰে আৰ নাহিকে শাস্ত্ৰৰ সাৰ
 জানি এবে এড়া আন কাম।
গুচিবে সংসাৰ দুঃখ  লভিবা পৰম সুখ
 নিৰন্তৰে বোলা ৰাম ৰাম॥

পদ।

জাতিকুলাচাৰ ধৰ্ম্ম জ্ঞান আদি কৰি।
ইসব গুণত বশ্য নুহিকন্তে হৰি॥
ভকতিসি মাত্ৰ বশ্য হন্ত কৃপাময়।
প্ৰপঞ্চিয়া ইটো কথা কহিলো নিশ্চয়॥