পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/২৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৭৫
ভক্তিৰত্নাৱলী।

নাহিকে ভক্তিত হেন শঙ্কা বিপৰ্য্যয়।
নাৰদৰ বাক্যে আৰ গুচাওঁ শংসয়॥
নাৰদ বদতি শুনিয়োক পৰংব্ৰহ্ম।
নাতি আত্মা পৰ তুমি সমস্ততে সম॥
যিহেতু পৰম আত্মা ইটো জগতৰ।
এতেকে সবাতো সম দৃষ্টি নিৰন্তৰ॥
নিজানন্দ লাভে পূৰ্ণ তুমি লক্ষ্মীপতি।
নাহি অনুৰাগ আন বিষয়ক প্ৰতি॥
তথাপিতো ভক্তে মাত্ৰ সেৱা অনুৰূপে।
তোমাৰ প্ৰসাদ পাৱে কহিলো স্বৰূপে॥
কদাচিতো ভকতে তোমাক নপাৱে।
তথাপি নিষম তুমি নুহিকে স্বভাৱে॥
কল্পতৰু বৃক্ষ যদি সবাতো সমান।
মাগন্তা জনক মাত্ৰ কৰে ফল দান॥
ভকতিসি গ্ৰাহ্য হবি আপুনি প্ৰমাণ।
কহিয়া আছন্ত গোপিকাৰ বিদ্যমান॥
শুনা সখি সব মই কহোঁ স্বৰূপত।
মোৰ ভকতিসে মোক্ষ পাৱে প্ৰাণী যত॥
মইসে ঈশ্বৰ আন নাহি মোত পৰ।
মোহোৰ অধীন যত দেৱ নিৰন্তৰ॥
হেন মই মোত স্নেহ ভৈল তোমাসাৰ।
দেখিয়া কৌতুক বৰ মিলিল আমাৰ॥
মেকেসে সুহৃদ প্ৰিয় আত্মা বুলি মানা।
সুখে মোক পাইলা সখি সব হেন জানা॥
কৃষ্ণৰ বচন থওঁ এহি মানে মাত্ৰ।
বুলিব নোপজে জ্ঞান রিনে জ্ঞান শাস্ত্ৰ -॥
জ্ঞান বিনে মুকুতি নুহিবে কদাচিত।
বুলিবা কিসক মোক্ষ পাইব ভকতিত॥
ইহাৰ উত্তৰ শুনা কৰি মন স্থিৰ।
জ্ঞান সাধিবাক কোন শ্ৰম ভকতিৰ॥