নাহিকে আমাত একো ধৰ্ম্ম হেন খেদ চিত্তে
নকৰিবা তুমি গোপ ৰাজ।
সমস্তে ধৰ্ম্মৰ ফল ভকতিক পাইলে যিটো
তাৰ আন কৰ্ম্মে কোন কায॥
নন্দৰ আগত যত কহিলা উদ্ধৱে তাক
সংহৰিয়া এই মানে থওঁ।
বৰ্ণাইলন্ত অৰো যেন গোপীৰ ভকতি দেখি
শুনিয়োক তাক কিছু কওঁ॥
জাতি কুলাচাৰ ধৰ্ম্ম জ্ঞানে কৃষ্ণ দেৱতাৰ
নুহি অনুগ্ৰহৰ কাৰণ।।
কিন্তু ভক্তি ভাৱে জাতি ভজোক অজাতি জাতি
তাতেসে সন্তুষ্ট নাৰায়ণ॥
কৈৰ কামাতুৰা নাৰী দুষ্টা মহাব্যভিচাৰী
কাম ভাৱে ভজিয়া কৃষ্ণক।
তথাপিতো দেখা কেন কৃষ্ণদেৱ বিষয়ত
পাইলা মহা আৰুঢ় ভাৱক॥
ইটো গোপীকাক প্ৰতি কৃষ্ণৰ পৰম প্ৰীতি
ভৈল আক দেখিলো সাক্ষাতে।
এতেকে জানিলো মহা অজ্ঞ সবো পাৱে গতি
ইটো কৃষ্ণ দেৱৰ সেৱাতে॥
ৰাসোৎসৱে ৰঙ্গ কৰি গোপীৰ কণ্ঠত ধৰি
মহাবাহু মেলি আলিঙ্গন্তে।
পৰম আনন্দে যিটো পাইলেক প্ৰসাদ ইটো
গোপীসবে মাধৱত হন্তে॥
হৃদয়ত থাকি নিত্য লক্ষ্মী তাক নতু পান্ত
আন দেৱ ৰমণী সৰ্ব্বথা।
নতু পাৱে দেখিবাক ইটো মহা প্ৰসাদৰ
আৰ আন স্ত্ৰীৰ কোন কথা॥
৩৫