বুলিবা হস্তীত যোগ্য গুণ একো নাই।
কিয় তুষ্ট ভৈল তাৰ শুনা অভিপ্ৰায়॥
আন একো গুণে কেহো কৃষ্ণক নেপাৱে।
ভক্তি মাত্ৰ গ্ৰাহ্য হৰি জানিবা স্বভাৱে॥
ইহাৰ প্ৰমাণ এবে লয়োক সম্প্ৰতি।
বামনৰ আগত প্ৰহলাদ নিগদতি॥
পৰম আশ্চৰ্য্য প্ৰভু তোমাৰ সৃষ্টিত।
তুমি জগততে সম আত্মা মহাহিত॥
অচিন্ত্য মায়াক লৈয়া তুমি নাৰায়ণ।
কবা জগতৰ সৃষ্টি প্ৰলয় পালন॥
লাগে যদি পালিবে সবাকো সমভাৱে।
ভকতক মাত্ৰ কৰা কৰুণা স্বভাৱে॥
তথাপিতো তোমাৰ বিষম মতি নাই।
যেন কল্প তৰুত প্ৰাৰ্থিলে ফল পাই॥
নুখুজিলে কদাচিতো যাচি নেদে গাছে।
তেবে কোনে বৃক্ষক বিষম বুলিয়াছে॥
সেহি মতে ভকতৰ বশ্য হৰি দেৱ।
সুদৃঢ় বিশ্বাসে তাঙ্ক নিতে কৰা সেৱ॥
নাহি ভকতিত জাতি আচাৰ বিচাৰ।
কৃষ্ণত ভকতি সমস্তৰে অধিকাৰ॥
ভকতিসে মাত্ৰ হৰি তোষৰ কাৰণ।
লৈয়ে সৰ্ব্বজনে জানি কৃষ্ণত শৰণ॥
এতেকে তৰিবা ঘোৰ সংসাৰত সুখে।
পলাওক পাতক ৰাম ৰাম বোলা মুখে॥
ছবি।
যেন মতে দামোদৰ বশ্য হোন্ত ভকতৰ
শুনিলাহা পৰম উৎসুকে।
শুনা আৰো সাৱধানে, পৰীক্ষিত বিদ্যমানে,
কৈলা যেন মহামুনি শুকে॥