কদাচিতো দেৱ হৰি নৱনীত চুৰি কৰি
খাইলা দেখি যশোদা সুন্দৰী।
ক্ৰোধে খেদি ধৰি আনি উড়ুখলে টানি টানি
বান্ধত গৰুৰ লৈয়া জৰী॥
অনন্ত ব্ৰহ্মাণ্ড পতি বাহিৰে ভিতৰে অতি
নাহি পূৰ্ব্বাপৰ আদি অন্ত।
বেদে নজানন্ত যাক তাহাঙ্ক গৃহতে পাই
পুত্ৰ বুলি যশোদা বান্ধন্ত॥
ফোকাৰন্ত শ্ৰান্ত পাই গোড়ে ঘাম বহি যাই
খসিয়া খোপাৰ পড়ে ফুল।
মাতৃৰ দেখিয়া শ্ৰম কৃপায় বন্ধন পাছে
লৈলা জগতৰ আদি মূল॥
মোৰ বশ্য চৰাচৰ মইয়ো বশ্য ভকতৰ
হেন সে দেখাইলা দামোদৰ।
তথাপি কৃষ্ণক এড়ে আনক ভজিয়া মৰে
কিনো লোক অধম পামৰ॥
ব্ৰহ্মা লক্ষী মহাদেৱে নাপাইলা প্ৰসাদ হেন
পাইলা যেন যশোদা কৃষ্ণত।
ভকতে সুলভে পাৱে ইটো গোপীকাৰ পোক
নপাৱে অজ্ঞানী কৰ্ম্মী যত॥
বুলিবাহা সুখে জ্ঞানী নপাইলেও নাহি হানি
জ্ঞানে গতি সাধিবে তাহাৰ।
ভকতি বিহীন ভৈলে নাহিকে জ্ঞানত সিদ্ধি
শুনা কহো বচন ব্ৰহ্মাৰ॥
কৱন্তে নাহিকে দুঃখ মিলাৱে মুকুতি সুখ
ত্যজি হেন তোমাৰ ভকতি।
কেৱলে বোধৰ অৰ্থে ধ্যান ধাৰণা আদি
বহুবিধ শ্ৰমে কৰে ৰতি॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/২৭৭
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৭১
ভক্তিৰত্নাৱলী।