তাহাৰ বিষয় আশা পৰম নিষ্ফল।
পুত্ৰ দাৰা ধন জন সদাই চঞ্চল॥
একে নিমিষতে সবে হৈবে এড়াএড়ি।
আসাৰ সংসাৰ যেন পটেকৰ খেড়ি॥
যদি স্বৰ্গ পাৱে কৰ্ম্ম কৰিয়া বিশিষ্ট।
তহিতো নাহিকে সুখ জানা নিষ্ঠে নিষ্ঠ॥
পুণ্য তাৰতম্যে পাৱে বঢ়া টুটা সুখ।
স্পৰ্দ্ধা আসুয়া আদি তৈতো আছে নানা দুঃখ॥
অন্যো অন্যে সৰ্ব্বক্ষণে নুগুচে কন্দল।
এতেকে স্বৰ্গৰ সুখ জানিবা নিস্ফল॥
ইহ পৰ লোকৰ সুখত এড়ি আশ।
ঈশ্বৰ কৃষ্ণত মাত্ৰ কৰিয়ো বিশ্বাস॥
ভজা নৱবিধ ভক্তি মাধৱৰ পাৱে।
ধৰ্ম্ম অৰ্থ কাম যেই ঢাৱে সেই পাৱে॥
বুলিবা অবোধ আমি দৈত্যৰ ছাৱাল।
কেশৱক ভজিবে আমাৰ নোহে ভাল॥
পুণ্যৱন্ত জনৰেসে আত অধিকাৰ।
ইটো শঙ্কা ত্যজি শুনা উত্তৰ ইহাৰ॥
দেৱ দ্বিজ ঋষি তপ জপ যজ্ঞ দান।
যত শৌচাচাৰ তীৰ্থ ব্ৰত মহা জ্ঞান॥
ইটো সবে বিড়ম্বন জানা নিষ্ঠ কৰি।
কেৱলে ভক্তিতে মাত্ৰ তুষ্ট হোন্ত হৰি॥
এতেকে ভক্তিত সমস্তৰে অধিকাৰ।
নাহি বৰ্ণাশ্ৰম আত নিয়ম বিচাৰ॥
নাহিকে সঞ্জাত যদি মোহোৰ বাক্যত।
লৈয়ো তব প্ৰমাণ সাক্ষাতে গজেন্দ্ৰত॥
নাহি কুল শীল ৰূপ নুহিকে পণ্ডিত।
নাহি বল বুদ্ধি তেজঃ প্ৰভাৱ কিঞ্চিত॥
লৈলা ভক্তিভাৱে মাত্ৰ কেৱলে শৰণ।
এতেকে সন্তুষ্ট তাত ভৈল নাৰায়ণ॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/২৭৫
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ভক্তিৰত্নাৱলী।