কিন্তু তাতে কৰে যিটো নিস্কামে ভকতি।
পৰম কৃতাৰ্থ ভৈল সি সি মহামতি॥
ভজিয়া কৃষ্ণত যিটো কামনা কৰয়।
কৰন্ত পূবণ তাক ইটো সত্য হয়॥
তথাপি কৃষ্ণৰ নাহি সন্তোষ মনত।
সবে মায়াময় ইন্দ্ৰিয়ৰ ভোগ যত॥
ব্ৰহ্মলোক আদি কৰি সমস্তে নিবাসী।
পূণ্য ক্ষয় ভৈলে পুনঃ প্ৰাৰ্থিবন্ত আসি॥
নেদন্ত মাধৱে পুনু কিছু নুখুজিলে।
নকৰিবা শঙ্কা ইটো মনত সমূলে॥
নবাঞ্ছয় কিছু যিটো ভজি মাধৱক।
দিবন্ত আপুনি নিজ পাদ পল্লৱক॥
যাক পাইলে ভকতৰ পূৰ্ণ হোৱে মন।
সৰ্ব্ব কাম বৰিষণ কৃষ্ণৰ চৰণ॥
মোক্ষ আদি কৰি সুখ যতেক আছয়।
চৰণ সেবাক পাইলে একো নবাঞ্ছয়॥
কৃষ্ণ পাদপদ্ম মকৰণ্ড কৰি পান।
হুয়া পৰিপূৰ্ণ মনে নোখোজয় আন॥
কামনা পূৰ্ব্বকে যদি কৃষ্ণক ভজয়।
তাহাৰো পৰম হিত চিন্তে কৃপাময়॥
বাৰেকাদি কামনা পূৰন্ত কৃষ্ণে তাৰ।
পুনঃ পুনঃ খুজিলে নেদন্ত আৰ বাৰ॥
অনৰ্থ বিষয় পৰমাৰ্থ দাতা হৰি।
এতেকে ভক্তৰ বিষয়ক দূৰ কৰি॥
নোখোজন্তে নিজ পদ পল্লৱ সুখক।
দেন্ত যাক পাইলে আৰ নোখোজে আনক॥
যেন শিশু সবে কৰে মৃত্তিকা ভোজন।
তাক দেখি অনৰ্থক ভয়ে মাতৃগণ॥
খাইবাকো নেদয় তাৰ মুখৰো গুচাৱে।
কান্দিবাক দেখি নোখোজন্তে আনি মাৱে॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/২৭১
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৬৫
ভক্তিৰত্নাৱলী।