সমললৈ যাওক

পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/২৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৬৬
অসমীয়া সাহিত্যৰ চানেকি।

দেয় খও শৰ্কৰা ভুঞ্জয় শিশু তাক।
জানিয়া মধুৰ স্বাদ তাজে মৃত্তিকাক॥
শৰ্কৰাকে মাত্ৰ শিশু খোজয় পাছত।
হবিভক্ত সবাৰো স্বভাৱ সেহি মত॥
এতেকে নিষ্কাম ভক্ত স্বভাৱ কৃতাৰ্থ।
এহিমানে সমস্ত শাস্ত্ৰৰ পৰমাৰ্থ॥
বুলিবা ইসব কথা কৈলা সবে ব্যৰ্থ।
মহন্তো কৰয় যত্ন কাম ভোগ অৰ্থে॥
শুনা এক চিত্ত কৰি ইহাব সিদ্ধান্ত।
কদাচিতো শাস্ত্ৰে তাক নোবোলে মহন্ত॥
বিষয়ৰ ভোগক এড়িয়া যিটো জন।
পৰম শ্ৰদ্ধায়ে ভজে কৃষ্ণৰ চৰণ॥
তাকে সে বুলিয় সাধু লৈয়োক প্ৰমাণ।
প্ৰহ্লাদৰ বচনে দেখিয়ো বিদ্যমান॥
বোলন্ত প্ৰহ্লাদে শুনা পিতৃ মহাভাগ।
গৃহ অন্ধ কূপত এড়িয়ে আনুৰাগ॥
অসন্ত বিষয় অনুমাত্ৰ সুখ নাই।
মিছা অহং মম ভাব এড়িয়ে সদাই॥
হৰিক চিন্তিয়ো মাত্ৰ গৈয়া তপোবনে।
ইসি সাধু কাৰ্য্য বুলি মানে মোৰ মনে॥
এহিমানে মাত্ৰ শ্ৰেষ্ঠ ধৰ্ম্ম পুৰুষৰ।
একচিত্তে ভক্তি আচৰিয়া মাধৱৰ॥
শ্ৰৱণ কীৰ্ত্তন তান কৰিব সদাই।
ভকতিয়ো আৰ আত পৰে শ্ৰেষ্ঠ নাই॥
কৰিবা সংশয় দেৱ পিতৃ নভজিলে।
তাসম্বতি হন্তে জানো মহাভয় মিলে॥
নকৰিবা শঙ্কা শুনা ইহাৰ উত্তৰ।
ভৈলা যাৰা সবো আসি নাৰায়ণ পৰ॥
কৃষ্ণৰ অভয় দুই চৰণত ধৰি।
স্বৰ্গ মোক্ষ নৰকক মানে তুল্য কৰি॥