হৰি বিনে আছন্ত যতেক আন দেৱ।
আপোনাকো ৰাখিবাক ক্ষম নোহে কেৱ॥
নাহি আপোনাৰ পুৰা কালৰ ভয়তে।
তাৰা সব ৰাখিবে আনক কেন মতে॥
কেৱলে নিৰ্ভয় এক ঈশ্বৰ মুৰাৰি।
কাল মায়া আদি সমস্তৰে অধিকাৰী॥
আত্মালাভ বিনে সুখ আন নমানন্ত।
সৰ্ব্বভাৱে ভয়াতুৰ জনক ৰাখন্ত॥
জানিয়া তাহান দুই উভয় চৰণে।
হুয়োক শৰণাপন্ন কায়বাক্য মনে॥
সতকুলে জন্ম তান তুষ্টৰ কাৰণ।
নোহে শুনা কহো হনুমন্তৰ বচন॥
কিম্পূৰুষ বৰি যত ৰামক উপাসী।
আছন্ত সবাতে কন্ত ভকতি প্ৰকাশি॥
শুনা সৰ্ব্বজনে কথা কহো সাৰ তত্ত্ব।
সুৰাসুৰ নৰ আন লোক আছে যত॥
তাহাব মাঝত যিটো হৰিক ভজয়।
সি সি মহাজনে তান তোষক পাৱয়॥
পৰম কৃতজ্ঞ ৰাম প্ৰভু ভগৱন্ত।
অল্ল ভজনতে কৰে বহু মান্যৱন্ত॥
অযোধ্যা নিবাসী জীৱ জন্তু সমস্তক।
নিলা অতি কৌতুকে সবাকো বৈকুণ্ঠক॥
অল্প সেবা কৰে মাত্ৰ যেন কৰে বহুমান।
আপোনাতে দৃষ্টান্ত দেখাওঁ বিদ্যমান॥
নুহিকে উত্তম জন্ম আকৃতি সুন্দৰ।
বাক্যৰো চাতুৰী নাহি বুদ্ধিও বিস্তৰ॥
নাহি একো গুণ আমি বনৰ বানৰ।
অনুগ্ৰহ পাত্ৰ ভৈলো তথাপি ৰামৰ॥
এতেকে ভকতি হৰি তোষৰ কাৰণ।
ব্যৰ্থ হৰি বিষয়ত আন গুণগণ॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/২৭০
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৬৪
অসমীয়া সাহিত্যৰ চানেকি।