তাহাবে সে পৰম নিৰ্ম্মল ভৈল চিত্ত।
মহাপ্ৰেম ৰস তাতে হোৱয় বিদিত॥
হোৱে কৃতকৃত্য ভকতিব প্ৰসাদত।
ধৰ্ম্ম জ্ঞান সহিতে দেৱতা আছে যত॥
পৰম শ্ৰদ্ধায়ে তাক কবন্ত আশ্ৰয়।
ভৈল সিটো নৰ সৰ্ব্ব গুণৰ আলয়॥
যিটো দুৰাশয় ত্যজি হৰিৰ ভকতি।
গৃহৰ সুখত ৰাত্ৰি দিনে আসকতি॥
ফুৰে বহিৰ্মুখ হৈয়া মিছা বিষয়ত।
নাহি কদাচিতো তাত মহাগুণ যত॥
গৃহাদি আসক্ত ভক্তিহীন লোক যত।
সিসব লোকত দেখি মহত্ত্ব সাম্প্ৰত॥
হেন যদি বোলা শুনা ইহাৰ উত্তৰ৷
বাঞ্ছিত জীৱন যেন জলেসে মৎস্যৰ॥
সেহি মতে আত্মা হৰি সমস্তে জীৱৰ।
পৰম প্ৰসিদ্ধ ইটো সমস্ত শাস্ত্ৰৰ॥
হৰি এড়িলতে মিলে তেখনে মৰণ।
জল বিনে নাহি যেন মৎস্যৰ জীৱন॥
হেন হৰি এড়ি কৰে গৃহে আসকতি।
তাৰ যেন মহত্ত্ব শুনিয়ো প্ৰতি প্ৰতি॥
বৃদ্ধক পূজয় যেন শূদ্ৰৰ মাঝত।
ভাৰ্যাৰ উপৰি যেন স্বামীৰ মহত্ত্ব॥
পিতৃৰ মহত্ত্ব যেন পুত্ৰৰ ওপৰে।
কনিষ্ঠে জ্যেষ্ঠক যেন মতে মান্য কৰে॥
হৰি বিমুখৰ জান তেহ্লয় মহত্ত্ব।
নাহি কদাচিতো তাত মহাগুণ যত॥
কালে যাক অধিকাৰ কৰে বিদ্যমান।
তাহাৰ মহত্ত্ব উপহাস্যৰেসে স্থান॥
এতেকে জানিবা সৰভাৱে পুৰুষৰ।
ভগৱন্ত মাত্ৰ ভৈল ভজনী ঈশ্বৰ॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/২৬৯
অৱয়ব
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৬৩
ভক্তিৰত্নাৱলী।