পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/২৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৬২
অসমীয়া সাহিত্যৰ চানেকি।

শ্ৰীৰূদ্ৰ দেৱৰ পৰম প্ৰিয় ভক্ত।
হৰি সেৱকৰো শঙ্কৰত অনুবৰক্ত॥
মহেশৰ বাক্যে লৈয়ে প্ৰামণ সাক্ষাত।
কহিছে আপুনি হবে দশ প্ৰচেতাত॥
প্ৰধান পুৰুষ দুইতো পৰ বাসুদেৱ।
ভগৱন্ত ঈশ্বৰক যিটো কৰে সেৱ॥
নাজানি যদ্যপি মোৰ অপৰাধ কৰে।
তথাপিতো মোৰ প্ৰিয় নাহি তাত পৰে॥
মহাভাগৱত তোবা মোৰ প্ৰিয়তম।
দেখো তোমাসাক মই ভগৱন্ত সম॥
তুমি সবো মোত প্ৰীত কৰিবা সদাই।
মোত পবে ভকতৰ প্ৰিয় আন নাই॥
থওঁ উপসংহৰি বচন মহেশ্বৰ।
শুনা এবে কহো বিমবিযি পূৰ্ব্বাপৰ॥
যিহেতু পৰম আত্মা হবিসে জীৱৰ।
হবি তুষ্ট ভৈলে তুষ্ট হোৱে চৰাচৰ॥
এতেকে সে শাস্ত্ৰে কহে যতেক উপায়।
হৰিৰ প্ৰীতিসি তাৰ ফল সমুদায়॥
এহিমানে সমস্তে শাস্ত্ৰৰ তত্ত্ব মৰ্ম্ম৷
হৰি তুষ্ট হন্ত যাত তাকে বুলি কৰ্ম্ম॥
যাত হন্তে মতি অতি উপজে কৃষ্ণত।
তাকে সে বুলিয় বিদ্যা জানা সব তত্ত্ব॥
হবিসি দেহীৰ মহা প্ৰিয়তম গতি।
আপুনি ঈশ্বৰ হৰি আপুনি প্ৰকৃতি॥
এহি হেতুতেসে দেৱান্তৰ সেৱা যত।
হৈয়া আছে হৰি ভকতিৰ অন্তৰ্গত॥
ভকতিতে সিজে সবে সেৱা দেৱতাৰ।
প্ৰহ্লাদ বচনে লৈয়ে প্ৰমাণ ইহাৰ॥
বোলন্ত প্ৰহলাদ শুনা অসুৰ সমস্ত।
যাৰ আছে নিষ্কাম ভকতি মাধৱত॥