পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/২৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৫৯
ভক্তিৰত্নাৱলী।

সদা ভক্তি সুখ  সহিতে বৈকুণ্ঠ
 ঐশ্বৰ্য সমে মুকুতি।
একান্ত ভকতে  পাৱে আন জনে
 নপাৱে শুনা যুগুতি॥
ইহ পৰলোক সুখ ধন জন
 ভাৰ্য্যা পুল্ৰ গৃহ দেহ।
সমস্তকে ত্যজি  অন্যান্য ভকতি
 ভজি মোত কৰে স্নেহ॥
তাত পৰে মোৰ  মহা প্ৰিয়তম
 ভকত নাহি আমাৰ।
ভকতি মুকুতি  ভকতক দিয়া
 কৰে সংসাৰ পাৰ॥
অনেক নিৰ্ব্বাণ পদ আদি দান
  দেও মই নিষ্ঠে নিষ্ঠ।
মুমুক্ষু ভকত জনত কৰিয়া
 কেৱল ভক্ত গৰিষ্ঠ॥
হেন জানি সবে  ভজিয়ো কৃষ্ণক
 ত্যজিয়া সমস্তে কাম।
মূৰখ মাধৱে কহে নিৰন্তৰে
 ডাকি বোলা ৰাম ৰাম॥

পদ৷

কপিল বদতি মাতৃ শুনা দেবহুতি।
কদাচিতে অভকতে নপাৱে মুকুতি॥
মই পৰমাত্মা চৰাচৰ জগতৰ।
প্ৰধান পুৰুষ দুইৰো নিয়ন্তা ঈশ্বৰ॥
ভকতি মুকুতি পদ দাত মই দেৱ।
স্বতন্ত্ৰ ঈশ্বৰ মোত পৰে নাই কেৱ॥
হেন মই মোক ত্যজি অনিক ভজয়।
নুগুচে তাহাৰ ঘোৰ সংসাৰৰ ভয়॥