পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/২৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৫৮
অসমীয়া সাহিত্যৰ চানেকি।

কহিলোঁহো যত প্ৰকৰণ অৰ্থ
 বিচাৰি কৰা নিৰ্ণয়।
প্ৰথমে কামনা  কৰি যিটো আসি
 ভকতিত প্ৰৱৰ্ত্তয়॥
ভকবি স্বাদ  জানিয়া পাছত
 কামনাক পৰিহৰে।
ভকতিক মাত্ৰ  বাঞ্ছিয়া মনত
 নিকামে ভকতি কৰে॥
কদাচিত তাব  কৰন্ত পূৰণ
 কামনা যত পূৰ্ব্বৰ।
ভকতে বাঞ্জিলে  দিবাক লাগয়
 স্বভাৱ ইটো কৃষ্ণৰ॥
তীতেসে গুপুত  কৰিলেো ভকতে
 নোখোজন্তে সুক্ষ্ম গতি।
পাৱয় পূৰ্ব্বত  কামনা মনত
 কৰিলে যিটো নিমিত্তি॥
যিটো মহাজনে  শুনি প্ৰসঙ্গত
 ভকতিৰ স্বাদ জানি।
পৰম নিষ্কামে  পূৰ্ব হন্তে ভজে
 ভগৱন্ত পদ্ম পানি॥
সিটো মহন্তৰ  ভকতিৰ সুখ
 সদায় হৈব নিশ্চয়।
বৈকুণ্ঠ লোকত  পৰম ঐশ্বৰ্য্য
 অধিক সুখ পাৱয়॥
মুকুতিত কৰি  ভকতি গৰিষ্ঠ
 এতেকে জানা সৰ্ব্বথা।
ভকতিৰ আগে বিষয়ৰ সুখ
 তুচ্ছ হৈবে কোন কথা॥