পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/২৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৬০
অসমীয়া সাহিত্যৰ চানেকি।

জানি আন ত্যজি ভজনীয় মোৰ পাৱে৷
পৰম শ্ৰদ্ধায়ে মাতৃ ভজা সৰভাৱে॥
মোৰ গুণ নামত কবিয়ে। মাত্ৰ ৰতি।
শ্ৰৱণ কীৰ্ত্তনে অনায়াসে পাইবা গতি॥
কপিলৰ বচন সংহৰি এৰে থওঁ।
এহি পৰমাৰ্থ সুনীতিৰ বাক্যে কওঁ॥
কৃষ্ণ বিনে নাহিকে অনিত হন্তে গতি।
শিখাইলন্ত সুনীতি ধ্ৰুৱক প্ৰতি প্ৰতি॥
শুন পুল্ৰ ধ্ৰুৱ তই মোহোৰ বচন।
স্বতন্ত্ৰ ঈশ্বৰ যিটো দেৱ নাৰায়ণ॥
তাহান্তে শবণ লৈয়া কবিয়োক সেৱ।
ভকত বৎসল কৃষ্ণ দেৱতাৰো দেৱ॥
মুমুক্ষু সকলে কাল হন্তে হৈয়া ভয়।
যাৰ পাদপদ্মৰ পন্থক বিচাৰয়॥
তয়ে নিজ ধৰ্ম্মে কৰি হৃদয় শোধিত।
তাতে স্থাপি কৃষ্ণ পাদপদ্ম স্মৰ নিত॥
যেন শত্ৰু হন্তে মহা ভয় হৈয়া নৰে।
ৰাজাত শৰণ লৈয়া পাছে সেৱা কৰে॥
সেহি মতে সেৱা বাপ কৰিও কৃষ্ণত।
তান্ত বিনে হিত সিদ্ধি নাহিকে আনত॥
কৃষ্ণ বিনে নাহি কান দেৱ সৰ্ব্বোত্তম।
আয়ত লোচন যাৰ পদ্ম পত্ৰ সম॥
তোৰ ইটো শোক দুঃখ খেদ ছেদকাৰী৷
কৃষ্ণ বিনে মনে আন নেদেখো বিচাৰি॥
ব্ৰহ্মা আদি সেৱন্ত কটাক্ষ বাঞ্ছা কৰি।
হেন লক্ষ্মীদেৱী হাতে পদ গোট ধৰি॥
কৃষ্ণ পাদপদ্ম দুইকো বিচাৰি ফুৰন্ত।
জানি সৰ্ব্বোত্তম দেৱ ভজা ভগৱন্ত॥
হেনবা বুলিব লক্ষ্মী পৰম ঈশ্বৰী।
কিহেতু কৃষ্ণক সেৱা কৰন্ত সাদৰি॥