সমললৈ যাওক

পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/২৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৫৭
ভক্তিৰত্নাৱলী।

অবিদ্যা নিবৃত্তি  ভৈলে অনন্তৰে
 যতেক ঐশ্বৰ্য আছে।
বৈকুণ্ঠ সম্পত্তি  সমন্বিতে আসি
 ভ্ৰমে ভকতৰ পাছে॥
ভকতে যদ্যপি  নবাঞ্ছে তথাপি
 ভকতিৰ মহাবলে।
বৈকুণ্ঠ লোকত  মহাভোগ যত
 ভকতে পাৱে সকলে॥
বুলিবা বৈকুণ্ঠ  লোকৰ ভিতৰ
 যেবে ভৈলা স্বৰূপত।
স্বৰ্গাদিৰ যেন  হৈবেক বিনাশ
 বৈকুণ্ঠৰ ভোগ যত॥
ইটো কুনিৰ্ব্বন্ধ শঙ্কা পৰিহৰি
 শুনিয়ে উত্তৰ তাৰ।
সিটো শুদ্ধ সত্ব  বৈকুণ্ঠ লোকত
 মায়াৰ নাহি সঞ্চাৰ॥
পৰম দুৰ্ঘোৰ  কাল চক্ৰ মোৰ
 পৰক গিলিবে লাগি।
নাহি নিদ্ৰা লেশ  নকৰে নিমেষ
 সৰ্ব্বদায়ে থাকে জাগি॥
প্ৰিয় আত্ম গুৰু  সখা ইষ্ট দেৱ
 বুলি মোক সৰ্ব্বভাৱে।।
ভজে যিটো তাক  সিটো কালে আৰ
 আক্ষিও মেলি নচাৱে॥
এতেকে বৈকুণ্ঠ  লোকত যতেক
 ভকত আছে আমাৰ।
জানা কদাচিতো  নুহি ভোগেহীন
 কহিলেহো সাৰে সাৰ॥