পৰম পুৰুষ হৰি প্ৰকৃতিত পৰ।
মহা তীব্ৰ ভকতি ভজন্ত নিৰন্তৰ॥
আছে শ্ৰেয় সব যত অন্য মাৰ্গান্তৰ।
যাগ যোগ আদি সিয়ো নাৰায়ণ পৰ॥
কৃষ্ণকে সে কহে বেদ শাস্ত্ৰ আছে যত।
তাহাৰ বিহিত ধৰ্ম্ম কৰ্ম্ম তীৰ্থ ব্ৰত॥
সবে নাৰায়ণ পৰ জানিবা নিশ্চয়।
অৰ্পণ নভৈলে একো ফল নধৰয়॥
নকৰি ভকতি যোগ পথে কৰে শ্ৰম।
নোহে চিত্ত শুদ্ধ নুগুচয় অহং মম॥
লোভে মোহে কামে পুনৰপি হোৱে হত।
নাপাৱে মুকুতি সুখ নাহিকে মনত॥
মিলিল যাহাৰ শ্ৰদ্ধা মুকুন্দ সেৱাত।
হোৱে চিত্ত শান্ত মিলে আনন্দ সাক্ষাত॥
সমস্তে শাস্ত্ৰৰ তাতপৰ্য্য এহিমান।
সূত বাক্যে লৈয়ো আৰ সাক্ষাতে প্ৰমাণ॥
যত কৰ্ম্মযোগ জ্ঞান আচৰি হৰিষি।
তথাপি নভৈলা শান্তমতি ব্যাস ঋষি॥
একো মতে নুগুচে মনৰ মহা ক্লেশ।
নাৰদত হন্তে পাছে পাইলা উপদেশ॥
একচিত্তে মাধৱত কৰিয়া ভকতি।
তেবে তান নিৰ্ম্মল নিশ্চল ভৈলা মতি॥
ভকতিৰ পৰম আনন্দ ভৈলা জাত।
হৃদয়তে ঈশ্বৰক দেখিলা সাক্ষাত॥
কৃষ্ণৰ অধীন মায়া দেৱীকো দেখিল।
তেবেসে ব্যাসৰ যত সংশয় গুচিল॥
ভৈলা কৃত কৃত্য ভকতিৰ প্ৰসাদত।
দেখাইলো প্ৰমাণ জ্ঞান ভকতি যিমত॥
এবে শুনা ভকতিৰ মহিমা সকল।
নলাগে বিলম্ব অতি শীঘ্ৰে সাধে ফল॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/২৫৯
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৫৩
ভক্তি ৰত্নাৱলী।