পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/২৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৫২
অসমীয়া সাহিত্যৰ চানেকি।

তমো গুণে ৰুদ্ৰৰূপে সৃষ্টি সংহাৰন্ত।
তিনি গুণে তিনি মুৰ্ত্তি একে ভগৱন্ত॥
যদ্যপি ভজনি হন্ত তিনিও ঈশ্বৰ।
তথাপিতো বিষ্ণুতে সে সিদ্ধি মনুষ্যৰ॥
জ্ঞানেসে জানিবা মুখ্য মোক্ষৰ নিদান।
শুদ্ধ সত্ব গুণতে সে মিলে তত্বজ্ঞান॥
এতেকে সে বিষ্ণু ভৈলা ভকতৰ ইষ্ট।
উপাধি বিশিষ্টে ফল হোৱয় বিশিষ্ট॥
পূৰ্ব্ব সদাচাৰে আৰ দেখাও প্ৰমাণ।
যতেক মহন্ত মহা জ্ঞানত প্ৰধান॥
কৰন্ত ভকতি বাসুদেৱৰ চৰণে।
চিত্ত হোৱে নিৰ্ম্মল আনন্দ মিলে মনে॥
পিতৃ ভূতপতি লোকপাল নিৰন্তৰে।
শ্ৰাদ্ধ বুলি পূজা নকৰিলে বিঘ্নি কৰে॥
বিস্তৰ আয়াসে ভজি পাৱে অল্প ফল।
শান্ত মূৰ্ত্তি কৃষ্ণ অৱতাৰক ভজন্ত।
আন দেৱ সমস্তক নিন্দা নকৰন্ত॥
সুদৃঢ় বিশ্বাসে নিতে ভজি ভগৱন্ত।
পৰম দুৰ্লভ মোক্ষ পদক সাধন্ত॥
বুলিবা মুকুতি সুখে ইচ্ছা আছে যাৰ৷
ভগৱন্ত ঈশ্বৰ ভজনি দেৱ তাৰ॥
অন্যত্ৰ সুখক ইচ্ছা কৰে যিটো নৰ।
তাহাৰ ভজনি দেৱ নহন্ত ঈশ্বৰ॥
শুনা নিৰন্তৰে আৰ উত্তম যুগুতি।
ভকতি জ্ঞানৰ ফল দেখাও মুকুতি॥
ঈশ্বৰ কেশৱ দেব ভকতৰ নিধি।
যেই যিবা চাৱে তাৰ সেই হৱে সিদ্ধি॥
এতেকে সে পৰম উদাৰ বুদ্ধি যাৰ।
তাৰা সবে নকৰে ভকতি ব্যভিচাৰ॥