পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/২৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৫৪
অসমীয়া সাহিত্যৰ চানেকি।


কপিল বচনে আৰ লৈয়োক প্ৰমাণ।
কহিলন্ত কপিলে মাতৃৰ বিদ্যমান॥
আছে মনুষ্যৰ ইন্দ্ৰিয়ৰ বৃত্তি যত।
অযত্নে প্ৰৱৰ্ত্তে যেন নানা বিষয়ত॥
সেহি মতে ইন্দ্ৰিয়ৰ বৃত্তি নিৰন্তৰে।
বিষয়ক এডিয়া বিষ্ণুত ৰতি কৰে॥
নকৰে কামনা ভকতিক ত্যজি আন।
তাকে বুলি ভগৱতী ভকতি প্ৰধান॥
কৰ্ণে শুনে কৃষ্ণ কথা মুখে বোলে ৰাম।
মনে পাদ পদ্মা স্মৰে হস্তে কৰে কাম॥
কৃষ্ণৰ প্ৰতিমা দেখে চক্ষুৱে ভক্তক।
বিষ্ণু বুদ্ধি কৰি শিৰে নমে সমস্তক॥
নিৰ্ম্মাল্য তুলসী ঘ্ৰাণ লৱে নাসিকায়।
বিষ্ণুৰ নৈবেদ্য মাত্ৰ আস্বাদে জিহ্বায়॥
পদে বিষ্ণু ক্ষেত্ৰ বৈষ্ণৱৰ ঠাইক যায়।
এহি মতে ইন্দ্ৰিয়ৰ বৃত্তি সমুদায়॥
বিষ্ণুতেসে প্ৰৱৰ্ত্তে অযত্নে যেবে জানা।
মনে একো বিষয়ক নকৰে কামনা॥
তেবে আৰ তাহাৰ মহিমা কৈবো কিক।
পাইলেক প্ৰসাদ সিটো মোক্ষতে অধিক॥
যদ্যপি মুকুতি পদ সুখ ৰূপ হয়।
তথাপি ভকতি শ্ৰেষ্ঠ কহিলো নিশ্চয়॥
সেৱাৰ আনন্দ সুখ মুকুতিত নাই।
মুকুতিৰ সুখ সুখে ভকতিতে পাই॥
যেহেন শৰ্কৰা খণ্ড ভূঞ্জে যিটো জনে।
তাৰ যেন মতে স্বাদ সি সি মাত্ৰ জানে॥
সেহি মতে মোক্ষৰ মূৰুতি হৰি দেৱ৷
তাতেসে বেকত হন্ত যিটো কৰে সেৱ॥
এতেকে ভকতি শ্ৰেষ্ঠ মুকুতিত কৰি।
নুহি আন সুখ তাৰ ভকতিৰ সৰি॥