পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/২৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪৩
নাম মালিকা।

যাৰ এক বাব  স্মৰণে তেখনে,
 কলি পাপ নষ্ট কৰে।
হেনয় কৃষ্ণক   নভজিয়া নৰে,
 নিকাৰ ভুঞ্জিয়া মৰে॥
প্ৰভাতে সন্ধ্যাত  নিশি মধ্যাহ্নাদি,
 সময়ত নাম লৈয়া।
সদ্যে পাপ ক্ষয়  কৰি নৰ চয়,
 নাৰায়ণ পাৱে গৈয়া॥
বিষ্ণুৰ সম্যকে  স্মৰিয়ো সমস্তে,
 ক্লেশক বিনাশ কৰে।
পৰম বিশুদ্ধ  চিত্ত হুয়া সুখে,
 মুকুতি পাৱয় নৰে॥
কৃষ্ণ স্মৰণৰ  যিহেতু নিৰ্ম্মল,
 মুকুতি পৰম ফল।
তাৰ স্বৰ্গ পদ  জানিবা নিশ্চয়,
 বিঘিনি মাত্ৰ কেৱল॥
ইহাক জানিয়া  যিতো অহৰ্নিশে,
 বিষ্ণুক সম্যকে স্মৰে।
পাপ ক্ষয় কৰি  হুয়া শুদ্ধ চিত্ত,
 নাযাই নৰকক নৰে॥
স্নানাদি কৰ্ম্মত  যিতো ধ্যান কৰে,
 নাৰায়ণ দেৱতাক।
সমস্তে পাপৰ  মোক্ষ্য প্ৰায়শ্চিত্ত,
 জানিবা নিশ্চয় আক॥
পুৰাণৰ বনু  কৃষ্ণৰ স্মৰণ,
 প্ৰসঙ্গ সংহৰি থওঁ৷
শিৱ পুৰাণত  শুনা যেন মত,
 নামৰ মহিমা কওঁ॥