এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪৪
অসমীয়া সাহিত্যৰ চানেকি।
জাতিত ৰাক্ষস নামত স্বধৰ্ম্ম,
দেখা তাৰ শুদ্ধ মন।
তাহাৰ আগত শ্ৰীৰুদ্ৰ দেৱে,
বুলিলা হিত বচন॥
সদায়ে কৃষ্ণৰ নাম মাত্ৰ গাইবা,
জানিয়া ধৰ্ম্ম প্ৰধান।
হৰিৰ পৰম ৰূপ মনোহৰ,
সদায়ে কৰিবে ধ্যান॥
মুৰাৰি নামৰে কীৰ্ত্তন কৰিবে,
সদায়ে নিচল মতি।
ইসৰ প্ৰকৰে সংসাৰক তৰি,
লভিব পৰম গতি॥
ৰুদ্ৰৰ বচন থৈলো এহি নামে,
নামৰ কহি মহত।
তাতে শুনা আৰু কহি আছে যেন,
শিৱ নাম মহিমাত॥
শিৱৰ কৃষ্ণৰ নামত কিঞ্চিতো,
নাহিকে জানা অন্তৰ।
শিৱৰ যতেক গুণ নাম সিয়ো,
জানা সবে মাধৱৰ॥
আপোনাৰ গুণ নাম নাৰায়ণে,
শিৱত সবে অৰ্পিলা।
আপোনাৰ নিজ ভক্ত বুলি হৰি
ভিন্ন তাঙ্ক নকৰিলা॥
বিষ্ণু বৈষ্ণৱৰ কিঞ্চিতো অন্তৰ,
নাহিকে জানা নিশ্চয়।
আক ভিন্ন বুদ্ধি কৰিলে কেৱলে,
অপৰাধ মাত্ৰ হয়॥