পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/২৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪২
অসমীয়া সাহিত্যৰ চানেকি।

দোলড়ী৷

প্ৰহ্লাদ বদতি  শুনিয়ো সম্প্ৰতি,
 কৃষ্ণৰ নাম মহত।
বিষ্ণু পক্ষ জানি  মোক পিতৃ আতি,
 দুঃখ দিলা নানা মত॥
দিগজ সবৰ দণ্ড নিৰন্তৰ,
 অগ্ৰভাগে বজ্ৰময়।
মোৰ গাৱ লাগি  সিয়ো গৈল ভাগি,
 ইতো বল মোৰ নয়॥
পৰম বিপদে  পৰি মনে মই,
 সুমৰিলো জনাৰ্দ্দন৷
সমস্তে বিপদ  বিনাশিয়া মোক,
 ৰাখিলন্ত নাৰায়ণ॥
কৃষ্ণ স্মৰণৰ  প্ৰসাদে মোহোৰ,
 বিকল নভৈল চিত।
দেখিয়োক কেন   কৃষ্ণ চৰণৰ,
 মহিমা কৰো বেকত॥
শুনা আতপৰ কৃষ্ণ স্মৰণৰ,
 অনুভয় যেন মত।
মহা উগ্ৰতৰ  কলিৰ কল্মষ,
 দেখা কেন বল আৰ॥
মনুষ্যক নিয়া ঘোৰ নৰকত,
 ভুঞ্জাৱে দুঃখ নিকাৰ।
ঈশ্বৰ কৃষ্ণৰ  নাম এক বাৰ,
 কীৰ্ত্তন যিতো কৰয়।
সত্যে যেন বহ্নি  কলিৰ পাপত,
 দহিয়া ভস্ম কৰয়॥