তাৰ আৰ লাভ কিবা কহিবো অধিক।
দেন্ত ভগৱন্তে তাঙ্ক অধ্যয় শক্তিক॥
অচ্যুত কীৰ্ত্তন যত মুকুতি পাৱয়।
কোন ইতো ছিদ্ৰ তান পাপ হুইবে ক্ষয়॥
জপ হোম যজ্ঞ পূজা আদি সময়ত।
ৰৈল যাৰ মন বাসুদেৱ চৰণত॥
ইন্দ্ৰ পদ আদি কৰি আছে যত ফল।
জানিবা মোতৱে তাৰ বিঘিনি সকল॥
তপ জপ যজ্ঞ যাগ যোগ তীৰ্থ ব্ৰত।
কৰ্ম্মৰূপ প্ৰায়শ্চিত্ত কহি আছা যত॥
সি সবে পাপক শুদ্ধি নকৰে যি মতে।
কৃষ্ণক স্মৰণে পাপ হৰে যেন মতে॥
এতেকে যতেক আছে প্ৰায়শ্চিত্ত গণ।
সবাহাকে শ্ৰেষ্ঠ কৃষ্ণ নামক স্মৰণ॥
পাপ কৰি অনুতাপ উপজিল যাৰ।
জানা অনুতাপে এক প্ৰায়শ্চিত্ত তাৰ॥
তথাপিতো তাহাৰে নিৰ্ম্মল নহি চিত।
হৰিনাম কীৰ্ত্তনেসে মুখ্য প্ৰায়শ্চিত্ত॥
কৃষ্ণ স্মৰণৰ আৰু মহিমা যিমত।
দেখাওঁ স্পষ্ট কৰি প্ৰহলাদৰ বচনত॥
শুনা সভাসদ পদ নাম মালিকাৰ।
মাধৱৰ নাম গুণ সৰ্ব্ব শাস্ত্ৰে সাৰ।
সবে পুৰাণত নাম মাত্ৰ সাৰ জানি।
মহাজনে প্ৰতি প্ৰতি কহিলা কাহিনি॥
সংসাৰ তৰিবে প্ৰতি যাৰ আছে কাম।
কৃষ্ণক চিত্তত ধৰি ডাকি বোলা ৰাম॥
—