পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/২৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩০
অসমীয়া সাহিত্যৰ চানেকি।

আছিল উপাস্য দেৱ কৃষ্ণ সে কেৱল।
কৃষ্ণকে সে সেৱা মাত্ৰ কৰয় সকল॥
যতেক মনুষ্য কৃষ্ণ নাম গুণ গাই।
তৰিয়া সংসাৰ বৈকুণ্ঠত লৱে ঠাই॥
নাহি পাপ লেশ সমস্তৰে শুদ্ধচিত্ত।
উপজিলে মাত্ৰ লোক হোৱে কৃতকৃত্য॥
এতেকে সে সিকালৰ কৃত্য যুগ নাম।
সিকালৰ লোকৰ নাছিল আন কাম॥
কৃষ্ণ সেৱা বিনে ধৰ্ম্ম নজানয় আন।
কৃষ্ণে সে কেৱল দেৱ উপাস্য প্ৰধান॥
নাছিলেক ধৰ্ম্ম একো বৰ্ণাশ্ৰম বিধি।
কৃষ্ণৰ সেৱাত মহা সুখে সাধে সিদ্ধি॥
প্ৰণয় বিনয় নাছিলেক একো শাস্ত্ৰ।
নাহি আন কৃত্য নাম গুণ গাৱে মাত্ৰ॥
সত্য গুছি ভৈল ত্ৰেতা যুগ উপগত।
দেখি ব্ৰহ্মা আদি দেৱগণ আছা যত॥
এক থান হুয়া কৰিলন্ত আলোচন।
কৃষ্ণ বিনে আমাক নভজে একোজন॥
কৃষ্ণক ভজিয়া সুখে সংসাৰ তৰয়।
কতেক কহিবো একো সৃষ্টি নবাঢ়য়॥
কেন মতে কৃষ্ণৰ ভকতি হোৱে ছন্ন।
নতৰোক লোক সৃষ্টি হৌক প্ৰৱৰ্ত্তন॥
হেনয় আলোচ কৰি যত দেৱগণ।
নিৰন্তৰে কৰিলা কৃষ্ণক আৰাধন॥
দেৱতাৰ ভকতি দেখিয়া নাৰায়ণ।
তুষ্ট হুয়া দেৱতাক দিলা দৰিশন॥
আশ্বাসিয়া সমস্তকে বুলিলা বচন।
মোত ভক্তি ছন্ন হৌক তোমাসাৰ মন॥
কৰা উপগ্ৰন্থ যাৰ যেন মনে লৱে।
যেন মতে আমাৰ ভকতি ছন্ন হৱে॥