পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/২৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৩১
নাম মালিকা

নানা ধৰ্ম্ম কৰ্ম্ম দেখায়োক নানা সুখ।
তাক দেখি হৌক লোক আমাত বিমুখ॥
তুমি সবো পাইবা পূজা বাঢ়িবেক সৃষ্টি।
কৃষ্ণৰ বচন যেন অমৃতৰ বৃষ্টি॥
দেৱতা বৰ্গক কৃষ্ণে দিয়া বৰ দান।
মহেশকো আজ্ঞা হৰি দিলা বিদ্যমান॥
নানাবিধ কল্পিত আগম কৰিয়োক।
নানা ধৰ্ম্ম দেখায়া লুপুত কৰা মোক॥
কৃষ্ণৰ মোহন বাণী কেহো নাকলিল।
কেৱলে মহেশে মাত্ৰ ইহাক তৰ্কিল॥
শুনিয়া মহেশে আতি পাইলা অসন্তোষ।
কৃষ্ণক অবজ্ঞা কৰিবাত হোৱে দোষ॥
বুলিলা বচন ধৰি কৃষ্ণ চৰণত।
তোমাক যদ্যপি ছন্ন কৰো আগমত।
অমোচন পাপ তেবে হুইবেক আমাৰ।
কৌটি কলপতো আৰ নেদেখো নিস্তাৰ॥
তোমাক অৱজ্ঞা প্ৰভু কৰে যিতো জন৷
কোটি শত কল্পে তাৰ নেদেখো মোচন॥
তযু আজ্ঞা নকৰিবো ইয়ো দোষ আতি।
শুনিয়া মাধৱে তাঙ্ক বুলিলন্ত মাতি॥
ভাল তুমি শূলপাণি তৰ্কিলা আমাক।
যিমতে এড়াইবা দোষ শুনা কহো তাক॥
আমাৰ সহস্ৰ নাম দিবোহো তোমাক।
অন্য দিনে এক চিত্তে জানিবাহা তাক॥
এড়াইবাহা তেবে অপৰাধ নিৰন্তৰ।
মোহোৰ পৰম প্ৰিয়তম হৈবা হৰ॥
আপোনাতো কৰি বৰ কৰিবো তোমাক।
মোৰ নাম লৈয়া বশ্য কৰিবা আমাক॥
এহি বুলি কৃপাময় প্ৰভু ভগৱন্ত।
সহস্ৰেক নাম কহি তথতে আছন্ত॥