পুৰুষ উত্তম নৰেশ্বৰ গজপতি।
তান আজ্ঞা পালি দিয়া গণ মহামতি॥
পুৰাণ ভাৰত শ্ৰুতি আগমক চাই।
নানা গ্ৰন্থ সংহিতাক কৰি এক ঠাই॥
কৃষ্ণ নাম মহিমা কৃপাই যত মান।
লিখি আনি সবাকো কৰিলা এক থান॥
ভৈল সেই লোক কলি পাপ সাগৰত।
তাসম্বাৰ হিত মহা চিন্তিয়া মনত॥
কৰিলন্ত কৃষ্ণ নাম মহিমা প্ৰচাৰ।
আক শুনি ভণি সুখে তৰোক সংসাৰ॥
শুনা সভাষদ সৱ বচন আমাৰ।
মূঢ় হুয়া কৰোঁ পদ নাম মালিকাৰ॥
ইহাত আমাৰ দোষ নেদিবা বিস্তৰ।
ক্ষমা সে ভুষণ মহা মহন্ত সবৰ॥
নাহিকে শৃঙ্খল গ্ৰন্থ আতি নিৰশ্ছক।
আৰ পদ কৰি কোনে মিলাইবে উষ্ণক॥
তথাপিতো বিৰুপাক্ষ কাৰ্য্যৰ বচন।
বিৰচিবো পদ সব হৈল লৈলে মন ॥
ইহাত অধিক দোষ নেদিবাহা মোক।
কৃষ্ণ নাম গুণ শুনি সন্তোষ হুয়োক॥
থিৰ মন কৰি সবে দেখিত বিচাৰি।
কলিত তৰিতে আৰ কোন পুণ্যে পাৰি॥
পৰম দুৰ্জ্জন কলি দুষ্ট দুৰাচাৰ।
কৰিলে মলিন মতি সমস্তে প্ৰজাৰ॥
পাতকীৰ একো কৰ্ম্মে নাহি আধিকাৰ।
কৃষ্ণ নাম গায়া সুখে তাৰোক সংসাৰ॥
নাম মালিকাৰ পদ কৰিবাক মনে।
নামৰ প্ৰশংসা কহো শুনা সৰ্ব্বজনে॥
আদি সত্য যুগে ধৰ্ম্ম থাকিল নিৰ্ম্মল।
কৃষ্ণ নাম গুণ যশ পৰম মঙ্গল॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/২৩৫
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২৯
নাম মালিকা