সমললৈ যাওক

পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/২৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২৬
অসমীয়া সাহিত্যৰ চানেকি।

মায়া আদি কৰি যত  সমস্ত জগত জড়
 কৃষ্ণ সে চৈতন্য আত্মা শুদ্ধ।
চৈতন্য কৃষ্ণক এড়ি  জড়ক ভজিয়া মৰে
 কিনো লোক অধম মুগুধ॥

তপ জপ তীৰ্থ ব্ৰত যাগ-যোগ-যজ্ঞ-দান
 কাকো নুসুমৰে মৃত্যু বেলা।
মৰন্তা জনক বেঢ়ি  বোলে সবে ৰাম বোল
 হেন নামে এতিক্ষণ হেলা॥

পৰলোক সময়ৰ বান্ধৱ হৰিব নাম
 সব এড়ি যিহেতু সুমৰে।
এতিক্ষণে কি কাৰণে হেনয় হৰিৰ নাম
 মল মতি নৰে নুসুমৰে॥

দুৰ্ঘোৰ সংসাৰ ইতো ব্যাধিৰ ঔষধ মহা
 ত্যজি হৰি নামক সম্প্ৰতি।
কমন উপায়ে আন  পণ্ডিত সকলে এৱে
 লভিবেক অপোন মুকুতি॥

লভিয়া মনুষ্য তনু যি সব পণ্ডিত নৰ
 নসাধিলে গতি আপোনাৰ।
কৌটি জনমক লাগি  সংসাৰ সাগৰে মজি
 ফুৰিবেক ভুঞ্জিয়া নিকাৰ॥

গোবিন্দক নৰাধিয়া। কোনকালে কদাচিত
 সুখী হইয়া আছে কোন জন।
হেন শিক্ষা মনে ধৰি  ডাউকে বোলয় সদা
 কোৱা কোৱা কূবাক্য বচন॥