পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/২৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২৭
নামঘোষা।

শঙ্কৰে সে শুদ্ধমত ঈশ্বৰ ভক্তিৰ তত্ত্ব
 প্ৰচাৰিলা শাস্ত্ৰসাৰ জানি।
ইহাক নজানি নৰে  জীবিকাৰ অৰ্থে ফুৰে
 আপোনাৰ মহত্ত্ব বখানি॥

শঙ্কৰে সংশয় ছেদি শাস্ত্ৰৰ তত্ত্বক ভেদি
 প্ৰচাৰিলা কৃষ্ণৰ ভকতি।
তাঙ্ক এড়ি কি কাৰণে  আনক বোলয় গুৰু
 কিনো লোক মহা মূঢ় মতি॥

ন জানে শাস্ত্ৰৰ লয়  যেহি আসে তাকে কয়
 ছেদিবাক ন পাৰে সংশয়।
গুৰুবোলাই তথাপিতো  ফুৰিয়া লোকৰ মাজে
 মান্য সতকাৰ খুজি লয়॥

বচনে কেৱল মাত্ৰ হৰিত শৰণ লয়
 চিত্তে আন দেৱক ভজয়।।
জানিবাহা কদাচিতো  সিদ্ধি সিতো নলভয়
 হৰি তাৰ সন্তোষ নোহয়॥

আগম নিগম তৰ্ক পুৰাণ ভাৰত যত
 ইতিহাস তন্ত্ৰ মন্ত্ৰ চয়।
হে হৰি তোমাতে সে খেলাৱে কেৱল বাদ
 তোমাৰ তত্ত্বক নজানয়॥

ঐশ্বৰ্য্য ভোগৰ মদে মত্ত হুয়া ঈশ্বৰত
 পৰাঙ্মুখ ভৈল যিতো জন।
যেন জীৰ্ণ গাই অতি  দুৰ্ঘোৰ সংসাৰ মহা
 পঙ্কে পৰি হোৱয় মগন।