পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/২৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২৫
নামঘোষা

আত্মা ঈশ্বৰক লাগ প্ৰত্যক্ষ সততে পায়
 নপায় জানা তাঙ্ক অবিদ্যাত।
অবিদ্যা নাশিলে লাগ কৃষক পাৱয় যেন
 কণ্ঠলগ্ন বস্তুক সাক্ষাত॥

নাৰায়ণ হেন ইতো শবদ আছন্ত মুখে
 বশৱৰ্ত্তী বচন আছয়।
তথাপি অদ্ভুত কিনো  ঘোৰ নৰকত মজি
 মল মতি মনুষ্য মৰয়॥

তৰ্কশাস্ত্ৰ মহাব্যাঘ্ৰী তাহাত নিপুণ পতি
 তাব শিষ্য ভৈল পুত্ৰ প্ৰায়।
সংসাৰ বনত পশি পতি পুত্ৰ সমন্বিতে
 উপনিষদ্ধেনু ধৰি খায়॥

সৰ্ব্ব শ্ৰুতি শিৰোৰত্ন  ভাগৱত বন মাজে
 হৰিনাম সিংহ প্ৰকাশয়।
তাৰ মহাধ্বনি শুনি  নিজ পৰিবাৰ সমে
 তৰ্কব্ৰাঘ্ৰী পলায় পাইয়া ভয়॥

স্মৰহ গোবিন্দ মূঢ়  বোলহ গোবিন্দ মূঢ়
 ভজহ গোবিন্দ সৰ্ব্বক্ষণে।
মৰণ সময় পাইলে  গোবিন্দহে ৰাখিবন্ত
 নাৰাখিবে ‘ডুকঞ’ কৰণে॥

ঈশ্বৰ কৃষ্ণক যিতো অন্য দেৱতাৰ সম
 বোলয় অধম মূঢ় মতি।
চৌৰাশি নৰক ভুঞ্জি  পাপৰ যোনিত সিতো
 অৱশ্যে হইবেক উৎপত্তি॥