নাহিকে স্বৰ্গত কিছু মোৰ প্ৰয়োজন।
শৰে হানি প্ৰভু স্বৰ্গ পথ কৰা ছন্ন॥
তযু অংশে আমি হুয়া আছোঁ অৱতাৰ।
আমাতে আছিল ভযু পৃথিবীত ভাৰ॥
আপুনি বেকত আসি ভৈলাহা সাম্প্ৰত।
গুচাইলাহা আপুনি আমাৰ ভাব যত॥
সজ্জনক পালি সংহাৰিবা দুষ্ট যত।
তীৰ্থ কৰি ফুৰোঁ মই তযু প্ৰসাদত॥
নাযাইবো স্বৰ্গক নিষ্ঠে বুলিলোঁ বচন।
কৰিয়োক মোৰ স্বৰ্গ পথ নিবাৰণ॥
শুনি ৰামচন্দ্ৰে পূৰ্ব্ব দিশে মুখ দিলা।
পৰশুৰামৰ স্বৰ্গ পথক ছেদিলা॥
শ্ৰীৰামৰ কীৰ্ত্তি প্ৰকাশয় সংসাৰত।
আদ্যাপিও ৰাম শৰ দেখিয়ো স্বৰ্গত॥
পৰশুৰামক ৰামে কৰিলা আশ্বাস।
মোৰ বাণ দেখি ঋষি ভৈলা মহাত্ৰাস॥
ক্ষত্ৰি জাতি আমাৰ দাৰুণ বৰ হিয়া।
পালোঁ অঙ্গীকাৰ ব্ৰাহ্মণক দুঃখ দিয়া॥
মৰষিবা সকলে আমাৰ ইতো দোষ।
কৰো হাত যোৰ নকৰিবা অসন্তোষ॥
শ্ৰীৰামৰ ভকতি দেখিয়া আতিশয়।
দুখ ভয় গুচি ভৈল প্ৰসন্ন হৃদয়॥
বুলিলা পৰশুৰামে বচন মধুৰ।
স্বভাৱতে ক্ষত্ৰিয়ৰ হৃদয় নিষ্ঠুৰ॥
হেন মহাক্ষত্ৰি তুমি পুৰুষ উত্তম।
দেখিলোঁ সাক্ষাতে আজি তোমাৰ বিক্ৰম॥
তথাপি কৰাইলা তুমি আমাকে প্ৰসন্ন।
ধন্য ধন্য ৰাম ৰঘু কুলৰ নন্দন॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/২২০
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১৪
অসমীয়া সাহিত্যৰ চানেকি।