আস্ত কালে যেন নলয় দিনকৰ।
গৰুড়ৰ আগে দৰ্প হয় সৰ্পৰ॥
জমদগ্নি সুত ৰাম ভৈলা সেহি নয়।
লোক বিদ্যমানে লঘু ভৈলা আতিশয়॥
যম হেন সাক্ষাতে দেখ ৰাঘৱক।
মাৰিবন্ত শৰ বুলি লাগিল চমক॥
দেখি ৰামচন্দ্ৰ অতি ভৈলা দায়াযুত।
হাসিয়া বোলন্ত শুনা জমদগ্নি সুত॥
আসিলাহা ধায়া তুমি আমাক মাৰিতে।
জানিলেহোঁ তোমাৰ কঠিন বৰ চিত্তে॥
ঋষি হৈয়া ভৈলা তুমি এমুৱা নিৰ্দ্দয়।
তোমাক মাৰিবে মন আমাৰ নলয়॥
ৰাখিলোঁ তোমাৰ প্ৰাণ নকৰিবা ভয়।
কিন্তু মোৰ বাণ জানা অমোঘ নিশ্চয়॥
কদাচিতে বৃথা বাণ নুহিকে আমাৰ।
কহিয়োক তোমাৰ ছেদিৱোঁ কোন দ্বাৰ॥
শুনিয়া ৰামৰ দায়াযুকুত বচন।
বেলিন্ত বিনয় জমদগ্নিৰ নন্দন॥
নিচিনিলো তোমাক বুদ্ধিত মন্দ আমি।
তুমি সে ঈশ্বৰ জগতৰ অন্তৰ্য্যামি॥
ভৈলা তাৱতাৰ তুমি আসি মনুষ্যত।
তোমাৰ অধীন ইতো সকলে জগত॥
তুমি সে ঈশ্বৰ নিষ্ঠে জানিলোঁ সাক্ষাতে।
আমাৰ বিক্ৰম যাই লাগিল তোমাত॥
জগতৰ আত্মা তুমি পুৰুষ পুৰাণ।
হাৰিলোহো তোমাত দিয়োক প্ৰাণ দান॥
কৰিলাহা মোক যেন দায় দামোদৰ।
শুনিয়োক মোৰ তেৰে স্বৰূপ উত্তৰ॥