শত্ৰু হুয়া প্ৰসন্ন কৰাইলা বুলি নতি।
তুমিও সন্তুষ্ট হৈবা আমাৰ ভকতি॥
শুনিয়োক ৰাম বোলোঁ স্বৰূপ বচন।
অনাদি ঈশ্বৰ তুমি সত্য সনাতন॥
তুমি নিত্য নিৰঞ্জণ পুৰুষ পুৰাণ।
জগতৰ পতি তুমি বিনে নাহি আন॥
তোমাত ভকতি মোৰ সততে থাকোক।
যাওঁ তপোবনে মোক বিদায় দিয়োক॥
এহি মতে দুয়োজন জগত ঈশ্বৰে।
কৰিলন্ত লীলা নাজানিলা একো নৰে॥
দুইহান্তৰো সংবাদ বিবাদ যত যত।
চাহি আছে লোক সবে বিস্ময় মনত॥
অনন্তৰে বিদাই লইয়া শ্ৰীৰামত।
গৈলন্ত পৰশুৰাম হৰিষ মনত॥
দশৰথে দেখি কাতি বিক্ৰম ৰামৰ।
মনত হৰিষে প্ৰশংসিলা বহুতৰ॥
ধন্য ধন্য পুত্ৰ তুমি ভৈলাাহা আমাৰ।
ৰহিল তোমাৰ যশ জুৰিয়া সংসাৰ॥
আসিলা পৰশুৰাম খেদি যেন যম।
তাহাঙ্ক জিনিলা ৰণে কৰিয়া বিক্ৰম॥
সাধু সাধু ৰাম তুমি বংশৰ তিলক।
গলে বান্ধি ৰাজা ধৰিলন্ত ৰাঘৱক॥
উপজিল প্ৰেম তনু ভৈলা পুলকিত।
পাইলন্ত সন্তোষ যেন পিৱন্তে অমৃত॥
আকাশত তৃপিতি ভৈলন্ত দেৱগণে।
অচ্ছিলা ৰামক আতি পুষ্প বৰিষণে॥
দেখিয়া জানকী বল বিক্ৰম ৰামৰ।
ভৈলন্ত তৃপিতি ৰোমাঞ্চিত কলেবৰ॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/২২১
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১৫
ৰামায়ণ-আদিকাণ্ড