পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪
অসমীয়া সাহিত্যৰ চানেকি


ঘনে ঘনে দেই অতি বিজুলী চমক।
লাগে তিৰিমিৰি আসি চক্ষুত জমক॥
নাকয় চন্দ্ৰ সূৰ্য্য জ্যোতি তাৰাগণ।
যেন জীৱ আত্মা শৰীৰত ভৈল ছন্ন॥
আঠ মাস নিলে শুনি পৃথিবীৰ সত্ব।
দুনাই সূৰ্য্যে এড়ি দেন্ত বাৰিষা কালত॥
বিদ্যুত সংঞ্চাৰে চণ্ড বতাস চঞ্চল।
নিৰন্তৰে মেঘ সৰে বৰিষিল জল॥
খাল বাম ভৰি ভূমি ভাগি বৱে জান।
যেন মহা মহন্ত দুখীক দিলে দান॥
গ্ৰিষ্মত আছিল শুকাই ৰৌদ্ৰ তাপ সহি।
বৃষ্টি জল পাই দুনাই পুস্ত ভৈল মহী॥
তপ উপবাসে যেন শৰীৰ শুকাই।
পুনঃ ভোগ ভুঞ্জিলে পূৰ্ব্বৰ কান্তি পায়॥
জুয়াঙ্গনি জলে অতি বাৰিষা নিশাত।
নকৰে প্ৰকাশ তাত নক্ষত্ৰ সাখ্যাত॥
যেন কলিযুগে বেদশাস্ত্ৰ হোৱে ছন্ন।
প্ৰকাশে পাষণ্ড শুনে তাৰসে বচন॥
নাদ শুনি মেঘৰ বেঙ্গৰ ৰাৱ চৰে।
গুৰু পাঠ দিলে যেন শিষ্যে পাছে পঢ়ে॥
বহৱে বিপথে অতি ক্ষুদ্ৰ নদী যত।
কৰে অকাৰ্য্যকো যেন ধনৰ গৰ্ব্বত॥
নীলবৰ্ণ সুকোমল তৃণে ভৈল ছন্ন।
ঠাই ঠাই ভূমিক দেখিয় কৃষ্ণবৰ্ণ॥
কৰিলে গুৱালী পল্ল ৰঙ্গা থানে থানে।
অসংখ্যাত বেঙ্গছতা দেখি বিদ্যমানে॥
প্ৰকাশে বাৰিষা নানা বৰ্ণে বসুমতী।
জলয় ৰাজশ্ৰী যেন পৰম সম্পত্তি॥
নানাবিধ বস্ত্ৰে কাচি পাৰি সামৰাজ।
ডণ্ডে ছত্ৰে ছানি যেন ৰাজা ভৈল বাজ॥