পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দশম স্কন্ধ।১৩

এড়ায় কলঙ্ক মহা পাপ।
দূৰ যায় সংসাৰৰ তাপ॥
হোৱে সিদ্ধি মনৰ বাঞ্ছিত।
জানি শুনা কৃষ্ণৰ চৰিত॥
কহে কৃষ্ণ কিঙ্কৰে শঙ্কৰে।
কীৰ্ত্তন নেড়িবা একো নৰে॥
আত পৰে নাহিকে উপায়।
বেদৰ এহিসে অভিপ্ৰায়॥
মায়াময় পুত্ৰ দাৰা গেহ।
কেতিক্ষণে পড়ে ইতো দেহ॥
আক নেদেখিয়া কিনো আন্ধ।
বিষয়ত তথাপি প্ৰবন্ধ।৷
আন চিন্তা সবে পৰিহৰা।
মিছা মোৰ মোৰ কৰি মৰা।৷
অন্তকে কেশত আছে ধৰি।
জানি ডাকি বোলা হৰি হৰি॥


ভাগৱত−দশম স্কন্ধ।

বাৰিষা বৰ্ণন।

শুকমুনি পৰিক্ষীত ৰাজাত কহিল।
গ্ৰীষ্ম গৈল ঋতু আসি বাৰিষা মিলিল॥
সূৰ্য্যৰ মণ্ডলে কৰে বিবিধ প্ৰকাশ।
তাৰ ৰশ্মি চিকিমিকি কৰয় আকাশ॥
বহে খৰ্ব্ব বায়ু নুশুনয় মাত বোল।
গগণক ঢাকি মহা মেঘৰ আন্দোল॥