বৃষ্টি জল পায়া শস্য কৰে হলফল।
দেখি কৃষকৰ মনে মহা কুতূহল॥
শুকাই পৰে জল পুনু মনত অসুখ।
দৈৱাধীন নজানিলে মিলে মহাদুখ॥
বাৰিষাত নৱ পানী ব্যাপি পৰে আসি।
কৰে স্নান পান যত জল থলবাসী॥
হোৱে সুকুমাৰ মহা ৰূপ মনোহৰ।
হৰি ভক্তি কৰে যেন লোকক সুন্দৰ॥
যিহেতু পৰম ধৰ্ম্ম সেৱা কেশৱৰ।
নাহি আউৰ যাত পৰে ধৰ্ম্ম সুখকৰ॥
এতেকে হৰিৰ সেৱা সুহৃদ লোকৰ।
কদৰ্য্যকো পাইলে কৰে তেখনে সুন্দৰ॥
হুয়া নদী সব সমে সঙ্গম সাগৰ।
কৰিল কহেলাল মহা উৰ্ম্মি ভয়ঙ্কৰ॥
যেন মহাযোগীৰ নুগুচে কাম কষ্ট।
বিষয়ক পাইলে পুনৰপি হোৱে নষ্ট॥
যদ্যপি মূষলধাৰে মেঘে বৰষিল।
তথাপি পৰ্ব্বতে কিছু পিড়া নজানিল॥
যি জনৰ ভৈল চিত্ত কৃষ্ণত প্ৰবেশ।
তাক যেন সহিতে নপাৰে দুখ ক্লেশ॥
তৃণে ঢাকিলেক পথ সব ভৈল ছন্ন।
নকৰিলে লোকে আউৰ আমনাগমন॥
নপঢ়িয়া দ্বিজে যেন তেজিলে অভ্যাস।
পাসৰিল বেদ পথ সব ভৈল নাশ॥
লোকৰ সুহৃদ মেঘ সব মহা ধীৰ।
চঞ্চল বিজুলী চটা তাতে নুহি থিৰ॥
যেন মহাগুণৱন্ত পুৰুষক পাই।
তথাপিতো বেশ্যাৰ বুদ্ধিৰ থিৰ নাই॥
পঞ্চবৰ্ণে ৰচিত নিৰ্গুণ ইন্দ্ৰ ধনু।
গুণৱন্ত মেঘত প্ৰকাশে পুনু পুনু॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/২১
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দশম স্কন্ধ।১৫