পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২
অসমীয়া সাহিত্যৰ চানেকি।

কৃষ্ণৰ কিঙ্কৰে কহে শঙ্কৰে।
হবি হবি বেলা সমস্ত নৰে॥


ঘোষা॥

হৰি ৰাম ৰাম ৰাম ৰাম ৰাম হৰি।
ডাকিয়া ঘুষিয়ো শীঘ্ৰ কৰি॥
দেওঁ কন্যা বিবাহ কৃষ্ণক।
দিবো মণি স্যমন্ত যৌতুক॥
তেবেসে সন্তুষ্ট হোন্ত হৰি।
নেদেখো উপায় আত কৰি॥
হেন মনে নিয়ম কৰিয়া।
মণি সমে কন্যা দিলে নিয়া॥
পায়া সত্যভামাক অচ্যুতে।
কৰিলা বিবাহ বিধিৱতে॥
ৰূপে গুণে জগতৰে ধন্যা।
খুজিলে অনেকে সিতো কন্যা॥
কাহাকো নিদিলা সত্ৰাজিতে।
কৃষ্ণে পাই ভৈল কৃতকৃত্য॥
শ্বশুৰক বুলিলা বচন।
নাহিকে মণিত প্ৰয়োজন॥
তোমাত থাকোক স্যমন্তক।
তুমি সত্ৰাজিত অপুত্ৰক॥
তোমাৰ সৰ্ব্বস্ব সবে মোৰ।
নিয়া মণি এড়া চিন্তা ঘোৰ॥
শুনি সত্ৰাজিত ৰঙ্গ ভৈলা।
স্যমন্তক লৈয়া ঘৰে গৈলা॥
অনন্তৰে জগতৰে নাহ।
কৰি সত্যভামাক বিবাহ॥
ক্ৰীড়িলা আনন্দে নাৰায়ণ।
যিতো শুনে স্যমন্ত হৰণ॥