সমললৈ যাওক

পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/১৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৬৭
কৃষ্ণ গুণমালা।

শুনহ সভাসদ   দেখ বিচাৰি
  ভেলহ সব একাকাৰ।
ধৰমক কৰমক   আশা দূৰ কৰ
  হৰি বিনে গতি নাহি আৰ॥
যাহে চৰণ ৰেণু,   ব্ৰহ্মা শঙ্কৰ
  হৃদয়ে কৰয় ধিয়ান।
যাহেৰি ভকতি   কয়লি পুনু মিলে
  পৰম ঈশ্বৰ গিয়ান॥
পাষণ্ড দণ্ডন   মণ্ডন ভকতক
  হৰিৰস সব লোই জান।
কালী দমন   ওহি বৰ নাটক
  শঙ্কৰ হৰিগুণ গান।
শুন সব লোই   বচনক মোই
  সব তেজি ভজ হৰিপাৱ॥
ইহ সংসাৰ   সাগৰ তৰণে
  কৃষ্ণ পদ পল্লৱ নৱ।
দেৱক উপৰি   ৰাজা মাধৱ
  ধৰমক উপৰি নাম।
কোটি কলপক   পাতক নাশক
  ডাকি বোলহু ৰাম ৰাম॥

জয় জয় মল্ল নৃপতি ৰসবান।
যাকেৰি গুণ গণ সম নাহি আন।
নিজ কুল কুমুদ প্ৰকাশিত ইন্দু।
গহীন গম্ভীৰ ধীৰ পেখিতে সিন্ধু॥
সভা এক পাত্ৰ আপন মহাৰাজ।
দেৱক মধ্যে যৈসে সুৰৰাজ॥
আপন ভুজ বলে   দণ্ডিয়ে ৰাজকুল
  পাৱত সকলহি কায।
জয় জয় ঈশ্বৰ   পাদ প্ৰসাদ
  মল্লদেৱ কৰু ৰাজ।