পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/১৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৬৬
অসমীয়া সাহিত্যৰ চানেকি।

ভটিমা।

দৈৱকী উদৰে   উদয় যোহি দেৱ।
  কয়লি ভকতক ত্ৰাণ।
অঘ বক ধেনুক   কেশী সবংশক
  কংসক ধ্বসল প্ৰাণ।
বিবিন্দা বিপিন   বিহাৰ বিশাৰদ
  শাৰদ চন্দ্ৰ সমান।
সোহি জগত গুৰু   তেৰি সততে কৰু
  মঙ্গল মুকুতি বিধান।
যোহি গোপ বধু   বিবিধ বিসঞ্চন
  পৰিৰম্ভল ভুজ মেলি।
যোহি যমুনা জলে   যামিনী কামিনী
  মিলি কৰয় ৰঙ্গ কেলি।
দুষ্ট অষ্টিক   মুষ্টিক মোড়ল
  শঙ্খচূড় লেলহু প্ৰাণ।
সোহি জগত গুৰু   তেৰি সততে কৰু
  মঙ্গল মুকুতি বিধান।
যোহি ভূমিক   ভাৰ উতাৰল
  নিজ জন পূৰয়ে কাম।
পাপী পাপক   মূল উপাড়ে
  উচ্চাৰি যাকেৰি নাম।
যাহে নাম শুনি   নীচ শ্বপচ মুনি
  দোহোঁ হয় এক সমান।
সোহি জগত গুৰু   তেৰি সততে কৰু
  মঙ্গল মুকুতি বিধান।
সোহি বৈকুণ্ঠক   কৃষ্ণক নাটক
  উতপাটক দুখ মূল।
পুণ্যক সঞ্চন   কলি-মল ধ্বংসন
  নাহি নাহি ওহি তুল॥