সমললৈ যাওক

পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/১৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৬৮
অসমীয়া সাহিত্যৰ চানেকি।

নটক ভাটক   পশ্চিম দেশক
  যত যত পণ্ডিত আৱে।
ঘোটক কম্বল   বহুত ৰজত
  আপনহি মন পূৰি পাৱে।
তন্ত্ৰ শস্ত্ৰত   শাস্ত্ৰ পৰ্গত
  বিপক্ষক আপন জান।
হেন ব্ৰাহ্মণক   পিতৃক অৰ্পনে
  যাকেৰি নাহি সমান।
আপন নৃপবড়   ধৰ্ম্ম যুধিষ্ঠিৰ
  বিচাৰত আপন সুজান।
কাব্য কবিত্ব   শশধৰ পণ্ডিত
  ধনুৰ্ধৰ অৰ্জ্জুন সমান।
মানে দুৰ্য্যোধন   আপন পুণ্যজন
  দানে কৰ্ণ সমান।
মল্লত যুদ্ধত   আপন দৃষ্টিত
  তুহু বিনে নাহি আন॥
আপন গুণ যশে   ব্যাপিয়ে ধৰণী
  নৃপতি মধ্যত পেখি।
নীল উৎপল   পেখিতে শৰীৰক
  মৃণাল সদৃশ ভুজ দেখি।
বাহু বক্ষঃস্থল   কটি মধ্য দেখিয়ে
  কামিনী হোৱে বড়ি লাজ।
যৈসে ৰাজ   হংসীক গমনী
  গহীন গম্ভীৰ মৃগৰাজ॥
কহলোঁ তযু গুণ   হামু শিশুমতি
  মৰষ সকল মহ দোষ।
কহয়ে শঙ্কৰ   নজানো সভাসদ
  পাত্ৰ মধ্যে ই কথা পোছ।