হেন শুনি জয় জয় কৰন্ত সমাজে।
ধন্য ধন্য শান্তী সীতা দেৱ বাদ্য বাজে॥
আকাশৰ পৰা পুষ্প বৰিষিল মাথে।
কৰযোৰে ঋষিক বুলিলা ৰঘুনাথে॥
মই তো জানো শান্তী সীতা পৰম নিষ্পাপ।
দুৰ্জ্জনৰ অপবাদে দেওঁ হৃদি তাপ॥
সম্বৰিবো সীতা তেবে সভাৰ সন্মতে।
লক্ষেক পৰীক্ষা ভৈল তোমাৰ শপতে॥
ত্ৰিজগতে জানিলে সীতাত শঙ্কা নাই।
আবে সবে দুষ্টৰে পৰিল মুখে ছাই॥
এহি বুলি আপুনি আসন দিলা পাৰি।
বসিলন্ত বাল্মীকি ঋষিৰ গৈয়া সাৰি॥
ৰামে দেখিলন্ত পাছে জানকীৰ ক্লেশ।
শিলিখা বোলোৱা বস্ত্ৰ তাপসীৰ বেশ॥
ফল মূল আহাৰে শৰীৰ কৃশ আতি।
দেখি হৃদি দগধ তবধ ৰঘুপতি॥
অৱস্থা দেখিয়া আসে উভতি ক্ৰন্দন।
ধৈৰ্য্যে ধৰিলন্ত তাক কৌশল্যা নন্দন॥
বহয় লোতক নয়নৰ ঝৰ ঝৰি।
আথাকে মোচন্ত তাক হাতে বস্ত্ৰ ধৰি॥
কান্দন্ত সমাজে দেখি সীতাৰ নিকাৰ।
দেৱ ঋষি লোকে সবে কৰে হাহাকাৰ॥
কত নো এড়াইলে মাৱ মৰণৰ ঘাট।
ৰামৰ সীতাৰ আবে খণ্ডিত ললাট॥
এহি বুলি সবে লোকে কবৈ কণাকণি।
সুস্থ হুয়া পাছে ৰঘুবংশ শিৰোমণি॥
—