সীতাৰ ক্ৰোধ আৰু পাতাল প্ৰৱেশ।
জানকীক স্নেহে ভৰতক লাগি চাইল।
বসিবাক লাগি ৰত্ন আসন বহ্ৰাইল॥
তিনিয়ো দেৱেৰে আসি বুলিলা বিনয়।
নবৈসন্ত সীতা শোকে দগধ হৃদয়॥
কৌশল্যা প্ৰভৃতি শ্বাশু সকলে বুজান্ত।
আউৰ কাকো মাথা তুলি নেদন্ত সিদ্ধান্ত॥
লাজে তাপমানে যেন হৃদয় বিদাৰে।
বহয়ে লোতক দুয়ো নয়নৰ ধাৰে॥
জাজ্বল্য সমান কোপে চিত্ত নোহে শান্ত।
ঘনে ঘনে কটাক্ষে ৰামক লাগি চান্ত॥
স্নেহে জানকীক নিৰখন্ত ৰঘুনাথ।
সীতাৰ কটাক্ষ দেখি চাপৰান্ত মাথ॥
ভয়ে লাজে জানকীক চাহিবে নোৱাৰি।
থাকিলা সঙ্কোচ ভাৱে ৰাঘৱ মুৰাৰী।
দুখ সব সুমৰি জ্বলিল আতি সতী।
সি বেলা সীতাক নাহি চাহিবে শকতি॥
মহা শোকে কোপে আতি কমলমান কায়।
জাজ্বল্য সমান অগনিৰ শিখা প্ৰায়॥
অন্তৰ্গতে ৰামৰ মিলিল মহা ভয়।
দেখি সমজ্যাৰ ভৈল পৰম বিস্ময়॥
সীতাৰ দেখিয়া হেন ক্ৰোধৰ আক্ৰান্তি।
ৰামক কৰন্ত জোনো শাপি ভস্ম শান্তী॥
আজি জোনো জগতৰে মিলান্ত প্ৰলয়।
কাম্পে তৰতৰি দেৱ ঋষিৰ হৃদয়॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/১৫৫
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪৯
ৰামায়ণ—উত্তৰা কাণ্ড