সমললৈ যাওক

পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/১৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪৭
ৰামায়ণ-উত্তৰা কাণ্ড।

ৰামে নম্ৰ ভাবে লৈলা দুয়ো হাত পাতি।
থাকিলন্ত সীতা পাচে হুয়া এক কাতি॥
মাথাত ওহ্ৰণি লাজে চাপৰায়া মাথ।
বাল্মীকি বোলন্ত বাপ শুনা ৰঘুনাথ॥

বশিষ্ঠ প্ৰমুখ্যে আছা সবে সামাজিক।
ৰামব চৰণে আনি দিলোঁ জানকীক॥
যেনে তেনে আনিলো প্ৰবোধ বুলি বাক।
যেন লাগে দিয়ো আবে পৰীক্ষা সীতাক॥

মহা পতিব্ৰতা সতী জনক জীয়াৰী।
কিঞ্চিতেকো আন্ত ছিদ্ৰ নপাইবা বিচাৰি॥
পৰম নিস্পাপ দেহা দেখি হৰে পাপ।
মিছাত কলঙ্ক আঙ্ক দিয়া হৃদি তাপ॥

স্বপনত আন নাই ৰাঘৱত পৰে।
হেন নতো শুনো শান্তী ত্ৰৈলোক্য ভিতৰে॥
উৰ্দ্ধ বাহু কৰি বোলোঁ শুনিয়ো সমাজে।
কৰিবো শপত আজি জানকীৰ কাজে॥

কৌটি জন্মে যতেক কৰিলোঁ সদকৰ্ম্ম।
ইয়ো জন্মে যত আচৰিলাঁ তপ ধৰ্ম্ম॥
ধৰি আছো ব্ৰত যিবা কৰি কায় কষ্ট।
সীতা দোষী হন্ত যেবে সিয়ো হৱে নষ্ট॥

সত্য কৰি আবে বোলোঁ সামাজিকে শুন।
মোৰ উৰ্দ্ধ পুৰুষে কৰিলে যিতো পুণ্য॥
কৰিলোঁ সুকৃতি পিতৃ দেৱতাক তুষি।
সিয়ো নষ্ট হোৱে যেৱে সীতা হন্ত দোষী॥

তপৰ প্ৰভাৱে জানো ভূত ভবিষ্যত।
মোত আৰ কৰন্তা নাহিকে ত্ৰৈলোক্যত॥
কহিলো স্বৰূপ ৰাম আগত তোমাৰ।
যেন লাগৈ কৰাঁ আবে আপুনি বিচাৰ॥