পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/১৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪৬
অসমীয়া সাহিত্যৰ চানেকি।

উৰুক মূৰুক কৰি যাই লৱৰন্তে।
থিৱয়ে শুইল গৈ সীতাক দেখন্তে॥
কান্দে নৰ নাৰী অৱস্থাক চাই চাই।
নয়নৰ নীৰ ধাৰসাৰে বহি যাই॥

হৰি হৰি জগত জননী শান্তী আই।
তোমাৰ কৰিলে বিধি হেন সে বিলাই॥
কিয় জীওঁ জানকীৰ দেখি হেন দুখ।
কান্দে হুম হুমি প্ৰজা হুয়া অধোমুখ॥

কণ্ঠৰ নোলাই বাক্য শোকে গদ গদ।
চলৈ নৰ নাৰী দুই সাবি নিশবদ॥
অতিশয় দহে দেহা দেৱীব দুখত।
হাত ফোত মাত্ৰ শুনি লোকৰ মুখত॥

কাহাকো নচান্ত সীতা শান্তী মাথা তুলি।
চৰি যাই অধিকে হিয়াৰ গুলগুলি॥
কাকো একো ভাল মন্দ নেদন্ত সিদ্ধান্ত।
মহা দুখে অধোমুখে মাৱ চলি যান্ত॥

অমৃত মথন্তে যেন লক্ষ্মী উপজিলা।
বিষ্ণুক বৰিবে পিতৃ সহিতে লৰিলা॥
বাল্মীকিৰ পাচত তেহ্নয় মত সীতা৷
লাসে লাসে চলন্ত ৰামৰ বিবাহিতা॥

নেৰৈ নৰ নাৰী আউব জানকীৰ পাচ।
কতোক্ষণে পাইলা গৈয়া সমজ্যাৰ কাষ॥
বাল্মীকি সহিতে উঠিলন্ত সভাশালা।
মেৰুত উদিত যেন চন্দ্ৰমাৰ কলা॥

বাল্মীকিক দেখি আসনৰ উঠি ৰাম।
কৰিলা সাদৰে জানু পাৰিয়া প্ৰণাম॥
ঋষিয়ো উচ্চৰি বেদমন্ত্ৰ তুলি নাদ।
ৰাঘৱক দিলন্ত তুলসী আশীৰ্ব্বাদ॥