পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/১৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৪৫
ৰামায়ণ—উত্তৰা কাণ্ড।

বমায়ণ—উত্তৰা কাণ্ড।

আত অনন্তৰে যেন মিলিল অৱস্থা।
শুনা সবে একমনে ৰামায়ণ কথা॥
আছন্ত বাঘৱ যেবে দিব্য সভাপতি।
আনন্ত সীতাক বাল্মীকিয়ে বুলি আতি॥

ঋষিৰ বচন দেৱী বাধিবে নপাৰি।
ধীৰে ধীৰে চলি যান্ত জনক জীয়াৰী॥
আগ ভৈলা বাল্মীকি পাচত যান্ত সীতা।
লাজে অপমানে মাৱ তনু শঙ্কোচিতা॥

শিলিখা বোলোৱা বস্ত্ৰে অঙ্গ ঢাকি ঘূৰি।
আগক নবাঢ়ে ভৰি নেন্ত সে আজুৰি॥
লাজ অপমানে যেন গাৱতে লুকান্তি।
ঋষিৰ আক্ৰোশে সমাজ্যাক লাগি যান্তি॥

লৱনু পুতলী যেন সুকোমল কাই।
প্ৰত্যেক ভৰিত যেন ৰুধিৰ বজাই॥
মহা পতিব্ৰতা সীতা শান্তী সুচৰিতা।
অধো মুখে যান্ত চলি নচাই একো ভিতা॥

আনে আসি দেখন্তে মাৱৰ বৰ লজ্জা।
আসন্ত জানকী জানি উভতিল প্ৰজা॥
সমস্তৰে আনন্দ আকুল ভৈল চিত্ত।
লৱৰই নৰ নাৰী সীতাক দেখিত॥

অন্তেস পুৰত যত আছিল সুন্দৰী।
ভৈলা বাজ সবে কৌশল্যাক আগ কৰি॥
অসংখ্য সীতাৰ দাসী ৰঙ্গে যান্ত চলি।
পুহাইল আমাৰ সবে আসন্ত গোসানী॥

১৯