এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪৪
অসমীয়া সাহিত্যৰ চানেকি।
ঢলো পড়ো কৰে আতি মদ্য আছে লাগি।
অনুত্তৰ কৰি নৃপতিক মাতে ৰাগি॥
কীল কীল কৰি উন্মত হুয়া হাসে।
ভেল ভেল কৰিয়া মদ্যৰ গন্ধ আসে॥
হেন দেখি ৰাজা দিলা নাকত কাপোড়।
তোৰা কোন জাতি বুলি সোধে নৃপবৰ॥
কিবা নাম তোমাৰ সত্বৰে কহিয়োক।
চণ্ডাল বদতি তই কিবা সোধ মোক॥
জাতিত চণ্ডাল থাকো প্ৰবীৰ পুৰত।
বঞ্চবধক নামে মই প্ৰক্ষাত লোকত॥
মৃতকৰ বস্ত্ৰ মানে মোৰ অধিকাৰ।
শুনি নৃপতিৰ ভৈল হৃদয় বিদাৰ॥
ৰাজায়ে বোলন্ত তই উলটিয়া যাস।
প্ৰাণান্তিকে নহো মই চণ্ডালৰ দাস॥
শাপ অগনিত মৰো সেই মোৰ ভাল।
কোননো পাপীষ্ঠ হইবে চিতনি চণ্ডাল॥
সেহি সময়ত বিশ্বামিত্ৰ পাইলা আসি।
তবধ নয়নে ক্ৰোধ দণ্ডক উল্লাসি॥
ৰাজাক বোলন্ত অবে শুন মহীপাল।
দিবেক বিস্তৰ ধন গৃহস্থ চণ্ডাল॥
পাইবো মই বহুধন চণ্ডালে যদি কিনে।
অল্পসে দিবেক ধন কিনিলে সজ্জনে॥
হেন জানি চণ্ডালৰ যাইয়ো বিক্ৰয়।
মোৰ যেবে শাপক তোহোৰ আছে ভয়॥
—