পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন।

উলটি নাসিল কৃষ্ণ কিবা অথন্তৰ।
বোলা হৰি হৰি তৰা সংসাৰ সাগৰ॥

ঘোষা॥

ত্ৰাহি যদুনন্দন দেৱ।
পাৱে পৰি কৰো সেৱ।৷

বসুদেৱে হেন শুনি।
স্তৱধ ভৈলন্ত গুণি॥
ৰুক্মিণী মূৰ্চ্ছৰ্তা অতি।
কান্দন্ত দৈৱকী সতী॥
শোকে যায় প্ৰাণ ফুটি।
ভূমিত পাড়ন্ত লুটি॥
পুত্ৰ হৰুৱাওঁ যোনো।
শ্যামল সুন্দৰ তনু॥
পীত বস্ত্ৰে শোভে কায়।
মেঘত বিজুলী প্ৰায়॥
মুখ চন্দ্ৰো নুহি সৰি।
কমল লোচন হৰি॥
কৰ্ণত কুণ্ডল দোলে।
বনমালা শোভে গলে॥
ভ্ৰমৰে নছাড়ে লোভে।
শিৰত কিৰীটি শোভে॥
কণ্ঠত কৌস্তুভ মণি।
প্ৰভাতৰ সূৰ্য্য জিনি॥
একো অঙ্গে নুহি ৰুজ।
আজানুলম্বিত ভুজ॥
কেয়ূৰ কঙ্কণে ৰঞ্জে।
পাদ পঙ্কজক গঞ্জে॥
ৰত্নৰ নূপুৰ বাজে।
মেখলা কটিৰ মাজে॥