পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০
অসমীয়া সাহিত্যৰ চানেকি।

কোটি কন্দৰ্পক জিনি।
প্ৰকাশন্ত যদুমণি॥
হেন কৃষ্ণ মোৰ বাপ।
এৰাওঁ কৈত তান তাপ॥
শতেক বান্ধৱ জাতি।
কৰন্ত বিলাপ অতি॥
সমস্ত নগৰী লোকে।
কৰন্ত বিলাপ শোকে॥
সত্ৰাজিত ধূমকেতু।
তইসে নাশব হেতু॥
নাৰীগণে পাৰে গালি।
সত্ৰাজিত পুত্ৰ খালি॥
কৃষ্ণক কলঙ্ক দিয়া।
এভু পাপী আছে জীয়া।৷
দ্বাৰকা পুৰক ছানি।
কৰে হাহাকাৰ ধ্বনি॥
কৃষ্ণৰ কিঙ্কৰে ভণে।
শুনিয়োক সৰ্বজনে॥
কৃষ্ণৰ কীৰ্ত্তন কৰি।
ডাকি বোলা হৰি হৰি॥

ঘোষা॥ ও হৰি দীন দয়াল,

গোপাল পালিয়া নিয়া,
তোমাৰ নাম মুখে ফুৰো নিয়া,
তোমাৰ চৰণ চিন্তোক হিয়া॥
পাছে যদুবংশ যতেক আছে।
কৃষ্ণ আসন্তোক মনত বাঞ্ছে॥
যাৰ যেন শক্য পাৰিলা মানে।
পূজিলা দুৰ্গাক বলি বিধানে॥