পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

অসমীয়া সাহিত্যৰ চানেকি।


এতেক বুলিয়া   নমি জাম্বৱন্ত
 আছে কৃতাঞ্জলি কৰি।
শুনা সৰ্ব্বজন   নেড়িবা কীৰ্ত্তন
 ডাকি বোলা হৰি হৰি॥

ঘোষা॥

হৰিৰ চৰণ চিন্তিয়ো চিত্ত হৃদয়ে সৰ্ব্বথা।
মুখে ৰাম বোল কৰ্ণে শুন কৃষ্ণ কথা॥

হেন স্তুতি বাণী শুনি দৈবকী তনয়।
ঢাইলা দয়া দৃষ্টি ভকতক কৃপাময়॥
মাজিলা অমৃত হাতে সমস্ত শৰীৰ।
ভৈলন্ত নিৰুজ জাম্বৱন্ত মহাবীৰ॥
মেঘৰ গম্ভীৰ ধ্বনি দিলা সমিধান।
মণি হেতু ঋক্ষৰাজ আইলো তযু স্থান॥
তুমি আনি আছ মহামণি স্যমন্তক।
মিছাত সমস্তে দেয় আমাক কলঙ্ক॥
পৰম ভকত তুমি জানোহো তোমাক।
দিয়া মণি মোক মই নেওঁ দ্বাৰকাক॥
গুচোক দুৰ্যশ দেখাওঁ লোকত প্ৰত্যয়।
শুনি আনন্দিত জাম্বৱন্ত মহাশয়॥
তান কন্যাৰত্ন আছে নামে জাম্বৱতী।
কৃষ্ণক বিবাহ দিলা ৰঙ্গে ঋক্ষপতি॥
লগত যৌতুক আনি দিলন্ত স্যমন্ত।
পৰম আনন্দ দেখি ভৈল ভগৱন্ত॥
গৰ্ত্তৰ বাজত যত প্ৰজা আছে ৰহি।
কৃষ্ণক চাহন্তে বাৰ দিন গৈল বহি।৷
নাসিবাৰ দেখি ভৈল পৰম দুঃখিত।
নিবৰ্ত্তিয়া জান দিলা দ্বাৰকা পুৰীত॥
গৰ্ত্তত পশিলা মণি হেতু যদুৰায়।
বাৰদিন তথাতে আছিলো বাট চাই॥